26 C
Guwahati
Wednesday, September 28, 2022
More

    অতিকৈ কৰুণ ! পতাকা উত্তোলনৰ সময়তে হ’ল মৃত্যু , ঠাইতে পৰি ৰ’ল চেণ্ডেল, গামোচা

    অতিকৈ কৰুণ ! পতাকা উত্তোলনৰ সময়তে হ’ল মৃত্যু , ঠাইতে পৰি ৰ’ল চেণ্ডেল, গামোচা

    ভাৰতত ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সকলোতে পতাকা উত্তোলন কৰা হৈছে। সমগ্ৰ দেশতে স্বাধীনতা দিৱস অতি উৎসাহেৰে উদযাপন কৰাৰ সময়তে ঝাৰখণ্ডৰ বোকাৰোত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছে।

    আৰক্ষীয়ে জনোৱা মতে ১৫ আগষ্টত ঝাৰখণ্ডৰ বোকাৰো জিলাৰ মুখ্য কাৰ্যালয়ৰ পুলিচ লাইনচ কমপ্লেক্সত পতাকা উত্তোলনৰ প্ৰস্তুতি চলাই থকা অৱস্থাত এজন লোক বিদ্যুৎস্পৃষ্ট হয়।

    ঘটনাটোৰ পিছত পুলিচ লাইনত এক হুলস্থুলিয়া পৰিৱেশ সৃষ্টি হয় । দৰাচলতে ঝাৰখণ্ডৰ চেক্টৰ ১২ ৰ পুলিচ লাইনৰ পুলিচ মেনছ এছ’চিয়েশ্যনৰ কাৰ্যালয়ৰ বাহিৰত পতাকা উত্তোলনৰ প্ৰস্তুতি চলি আছিল।

    পতাকা খন লগাবৰ বাবে ফ্লেগ পাইপটো থিয় কৰাওতেই ওপৰৰে যোৱা ১১০০০ ভল্টৰ তাঁৰৰ সংস্পৰ্শলৈ আহে। ইয়াৰ ফলত চাফাইকৰ্মী আলেকজেণ্ডাৰৰ থিতাতে মৃত্যু হয়।

    বোকাৰো জিলাৰ মন্ত্ৰী ৰাজকুমাৰ মুণ্ডা আৰু আৰক্ষীত কৰ্মৰত কৰণ মিঞ্জ নামৰ এজন লোকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয়।

    লগে লগে দুয়োজনকে বোকাৰো জেনেৰেল হাস্পাতালত ভৰ্তি কৰোৱা হয়। দুয়োজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ পিছত স্বাধীনতা দিৱস উদযাপনো ম্লান হৈ পৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং