29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গৌৰাং নৈত চোৰাং চাউলভৰ্তি নাও জব্দ; আৰক্ষীৰ ভয়ত নদীত জাঁপ দিলে চোৰাং বেপাৰীয়ে

    আৰক্ষী বিষয়া সতিন সিংহ আৰু মুক্তাৰ আহমেদৰ নেতৃত্বত চলা এই অভিযানত গৌৰাং নৈত চোৰাং চাউলভৰ্তি নাও এখন জব্দ কৰিবলৈ সক্ষম হয়

    অসামাজিক কাৰ্য কলাপৰ কৰিডৰত পৰিনত হৈছে গৌৰাং নদী পথ।

    নিশাৰ আন্ধাৰত নৈ খনেৰে নিতৌ সৰবৰাহ হয় চোৰাং গৰু, ম’হকে ধৰি বিভিন্ন চোৰাং সামগ্ৰী।

    তেনে অবৈধ কাৰ্য কলাপৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱতি নিশা বিলাসীপাৰাৰ শালকোচা আৰক্ষীয়ে চলায় এক অভিযান।

    আৰক্ষী বিষয়া সতিন সিংহ আৰু মুক্তাৰ আহমেদৰ নেতৃত্বত চলা এই অভিযানত গৌৰাং নৈত চোৰাং চাউলভৰ্তি নাও এখন জব্দ কৰিবলৈ সক্ষম হয়।

    আৰক্ষীৰ উপস্থিতিৰ উমান পাই নদীত জাঁপ দি পলায়ন কৰে চোৰাং চাউল বেপাৰীসকল।

    চোৰাং চাউলখিনি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিনামূলীয়া চাউল আছিল বুলি জানিব পৰা গৈছে।

    ছুৱাপাতা তৃতীয় খণ্ড গাঁৱত জব্দ কৰে চোৰাং চাউলখিনি।

    পৰৱৰ্তী সময়ত শালকোচা আৰক্ষীয়ে চোৰাং চাউল ভৰ্তি নাওখন বিলাসীপাৰা আৰক্ষী থানাত চমজাই দিয়ে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং