‘২৪ ঘণ্টাৰ ভিতৰতে মাৰি পেলাম, বিচাৰিব পাৰা যদি বিচাৰা’ মুখ্যমন্ত্ৰীক মৃত্যুৰ ভাবুকি অজ্ঞাতৰ

0
440
'২৪ ঘণ্টাৰ ভিতৰতে মাৰি পেলাম, বিচাৰিব পাৰা যদি বিচাৰা' মুখ্যমন্ত্ৰীক মৃত্যুৰ ভাবুকি অজ্ঞাতৰ

পুনৰ মৃত্যুৰ ভাবুকি পাইছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ২৪ ঘণ্টাৰ ভিতৰতে মাৰি পেলাম, বিচাৰিব পাৰা যদি বিচাৰা।

এইবাৰ হোৱাটচ্ এপ নম্বৰৰ জৰিয়তে মৃত্যুৰ ভাবুকি দিছে অজ্ঞাতই। আৰক্ষীৰ নিয়ন্ত্ৰক কক্ষ ১১২ত মৃত্যুৰ ভাবুকিৰে বাৰ্তা দিয়ে অজ্ঞাতই। যি বাৰ্তাৰ পিছতে হুলস্থুল লাগি যায় আৰক্ষীৰ মুখ্য কাৰ্যালয়ত।

বাৰ্তাটোত অজ্ঞাতই লিখে যে, মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে এ. কে. ৪৭ৰ সহায়ত প্ৰাণে মাৰিম যোগী আদিত্যনাথক। বিচাৰিব পাৰা যদি বিচাৰি লোৱা।

'২৪ ঘণ্টাৰ ভিতৰতে মাৰি পেলাম, বিচাৰিব পাৰা যদি বিচাৰা' মুখ্যমন্ত্ৰীক মৃত্যুৰ ভাবুকি অজ্ঞাতৰ

বাৰ্তা লাভৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হয়, লগতে অজ্ঞাতৰ সন্ধানতো নামে আৰক্ষী। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বাৰ্তা প্ৰেৰণকাৰী কোনো অন্য চহৰৰ।

লগতে কি মোবাইলৰ পৰা প্ৰেৰণ কৰা হৈছে তাৰো সম্পূৰ্ণ খবৰ উলিয়াইছে আৰক্ষীয়ে। অৱশ্যে সেয়া কোনোৱে হেক কৰি বাৰ্তা প্ৰেৰণ কৰা বুলি সন্দেহ উত্তৰ প্ৰদেশ আৰক্ষীৰ।

Photo Credit: Time Magazine

আৰু পঢ়ক : হায়ৰে, উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিলেও গঠন কৰি দিয়া কমিটিৰ ৪জনেই কৃষি আইন সমৰ্থক