খেলুৱৈক যৌন নিৰ্যাতন, প্ৰশিক্ষকৰ বিৰুদ্ধে আৰক্ষীৰ ২৫০ জোৰা চাৰ্জশ্বিট দাখিল

0
2863
খেলুৱৈক যৌন নিৰ্যাতন, প্ৰশিক্ষকৰ বিৰুদ্ধে আৰক্ষীৰ ২৫০ জোৰা চাৰ্জশ্বিট দাখিল
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

যৌন নিৰ্যাতনৰ অভিযোগৰ তিনিমাহ পাছত এথলেটিকছ প্ৰশিক্ষক নাগাৰাজনৰ বিৰুদ্ধে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰে।

প্ৰশিক্ষণ গ্ৰহণ কৰি থকা শিক্ষাৰ্থী সকলক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হোৱা প্ৰশিক্ষক গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে চাৰ্জশ্বিটো দাখিল কৰে।

ফ্লাৱাৰ বাজাৰ আৰক্ষীয়ে প্ৰশিক্ষক গৰাকীৰ বিৰুদ্ধে ২৫০ পৃষ্টাজোৰা চাৰ্জশ্বিট দাখিল কৰে।

অভিযুক্ত প্ৰশিক্ষক গৰাকী

চলিত বৰ্ষৰ মে’ মাহত প্ৰশিক্ষক নাগাৰাজনক ফ্লাৱাৰৰ বাজাৰৰ অ’ল ৱমেন মহিলা আৰক্ষীয়ে পস্কো  আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে।

এগৰাকী ১৯ বছৰীয়া যুৱতীক প্ৰশিক্ষণৰ সময়ত প্ৰশিক্ষক গৰাকীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

আৰক্ষী থানাত প্ৰশিক্ষক গৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে প্ৰশিক্ষক গৰাকীয়ে শ্লিপিং টেবলেট সেৱন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁক ৰয়াপেটাহ চৰকাৰী হস্পিটেলত ভৰ্তি কৰোৱা হয়।

হস্পিটেলৰ পৰা সুস্থ হৈ মুকলি কৰি দিয়াৰ পাছতে প্ৰশিক্ষক নাগাৰাজনক আৰক্ষীয়ে আদালতৰ সন্মুখত হাজিৰ কৰোৱায়।

আৰু পঢ়ক : বিয়াৰ তিনিমাহ পাছতে পত্নীয়ে জন্ম দিলে সন্তান, স্বামী গৈ পালে ন্যায়ালয়