
গোসাইগাঁৱত আৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ দুৰ্বৃত্তৰ, দুই আন্তঃৰাষ্ট্ৰীয় অপৰাধী নিহত। আজি ১৯ এপ্ৰিল মঙলবাৰে পুৱতিনিশা আৰক্ষীৰে সৈতে এই সংঘৰ্ষৰ ঘটনা সংঘটিত হয়।
আৰক্ষীয়ে অভিযান চলাই থকা সময়ত দুৰ্বৃত্তই আৰক্ষীৰ ওপৰত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিওঁতে নিহত হয় দুজন আন্তঃৰাষ্ট্ৰীয় অপৰাধী।
নিহত দুয়োজন দুৰ্বৃত্ত উত্তৰ প্ৰদেশৰ আকবৰ বানজাৰা আৰু ছলমান বানজাৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দুয়োজন গৰু মাফিয়া আছিল বুলি প্ৰকাশ কৰে।
আৰক্ষীয়ে গৰু মাফিয়াক লৈ অভিযান চলাওঁতে গুলীয়াগুলী হয় আৰু দুই গৰু মাফিয়া নিহত হয়। আৰক্ষীয়ে এটা এ কে-৪৭ ৰাইফল, দুটা মেগজিন, ৩৫ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰাৰ লগতে চাৰি আৰক্ষী আহত হয় বুলি জানিবলৈ দিছে।
উল্লেখ্য, গো-মাফিয়া চক্ৰটোৱে দুজন সতীৰ্থক মোকলাবলৈ গুলীচালনা কৰিছিল আৰক্ষীলৈ। পথ প্ৰতিৰোধ কৰি আৰক্ষীৰ অভিযানত বাধা দিয়াৰ লগতে গুলীচালনা কৰিছিল।
দুয়োপক্ষৰ মাজত প্ৰায় ১৫ মিনিট মান সময় ধৰি প্রচণ্ড গুলীয়াগুলী হৈছিল, যি ঘটনাতেই দুটা মাফিয়াৰ নিধন হোৱাৰ লগতে আৰক্ষীয়ো আহত হয়।
আৰু পঢ়ক : বিশ্বৰ ভিতৰতে অন্যতম ধনাঢ্য হলেও এই বিষয়লৈ ভয় কৰে মুকেশ আম্বানীয়ে