23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বকোত ড্ৰাগছৰ খেতি, আৰক্ষীয়ে বিঘাই বিঘাই নষ্ট কৰিলে পপী ফুলৰ খেতি

    সমাজ ধ্বংস কৰাৰ সকলো তৈয়াৰ ইতিমধ্যেই হৈ উঠিছিল। বকোত লহপহকৈ ঠন ধৰি উঠিছিল ড্ৰাগছৰ খেতি। পিছে আৰক্ষীয়ে এক অভিযানত বিঘাই বিঘাই নষ্ট কৰিলে পপী ফুলৰ খেতি।

    ৰাজ্যত নিচা জাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা অবাধে চলি থকাৰ মাজতে এই বিঘাই বিঘাই পপী ফুলৰ খেতি নষ্ট কৰাত স্বস্তিৰ নিশ্বাস পেলাইছে বকো বাসীয়ে। বকো আৰু ছয়গাঁও সমষ্টিৰ ‌বিশেষভাৱে সংখ্যালঘু অধ্যুষিত অঞ্চলত বৃদ্ধি পাইছে অবৈধভাৱে নিচা জাতীয় দ্ৰব্যৰ বেহা।

    ভয়ংকৰ তথ্য অনুসৰি বকোৰ সংখ্যালঘু অধ্যুষিত এলেকাৰ একাংশ কৃষকে আফিঙৰ খেতি কৰি পৰিবেশ বিনষ্ট কৰি আহিছে। ইয়াৰ মাজতে আজি বিয়লি বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত বকোৰ সংখ্যালঘু অধ্যুষিত অঞ্চল জাওকাটাদিয়াত এক বিঘাতকৈয়ো অধিক পপী ফুলৰ খেতি নষ্ট কৰে।

    উল্লেখ্য যে, পপী ফুলৰ পৰাই মাৰাত্মক ব্ৰাউন চুগাৰ প্ৰস্তুত কৰে। এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই পপী ফুলৰ খেতিসমূহ নষ্ট কৰি বকো আৰক্ষী থানাত লৈ যায়। আনহাতে আৰক্ষী অহাৰ উমান পাই খেতিয়কজন পলায়ন কৰে।

    আৰক্ষীৰ ভাষ্যত প্ৰকাশ যে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে মণ্ডল আৰু কাননগোক লগত লৈ ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ অন্তৰ্গত খেতি ডৰাৰ গৰাকীৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিছো ।

    আৰু পঢ়ক : আৱতৰীয়া দীপাৱলী! ১ লাখ মাটি চাকিৰে প্ৰধানমন্ত্ৰীক ধন্যবাদ মাজুলীবাসীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং