23 C
Guwahati
Friday, May 20, 2022
More

    দীঘল চুলি আৰু মোচৰ বাবেই আৰক্ষীৰ পৰা হ’বলগীয়া হ’ল নিলম্বন

    দীঘল চুলি আৰু মোচৰ বাবেই আৰক্ষীৰ পৰা হ’বলগীয়া হ’ল নিলম্বন

    মধ্যপ্ৰদেশৰ এজন আৰক্ষী কনিষ্টবলে দীঘল মোছ ৰখাৰ বাবে চাকৰিৰ পৰা নিলম্বিত হ’বলগীয়া হৈছে।

    মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হৈছে এই ঘটনা। নিলম্বনৰ সন্মুখিন হোৱা আৰক্ষী কনিষ্টবলগৰাকীৰ নাম ৰাকেশ ৰানা বুলি সূত্ৰত প্ৰকাশ পাইছে।

    জানিব পৰা মতে, ভূপালত কৰ্মৰত আৰক্ষী কনিষ্টবলগৰাকীয়ে তেওঁৰ দীঘল চুলি আৰু মোচ কটাবলৈ অমান্তি হোৱাৰ বাবেই আৰক্ষীৰ পৰা নিলম্বনৰ সন্মুখিন হ’বলগীয়া হয়।

    আৰক্ষীৰ নিয়মানুৱৰ্তীতা উলংঘা কৰাৰ দোষত কনিষ্টবল ৰাকেশ ৰানাক নিলম্বনৰ নিৰ্দেশ দিয়া হয়।

    অৱশ্যে, নিলম্বনৰ সন্মুখিন হোৱাৰ পাছতো কনিষ্টবল গৰাকীয়ে কোনোধৰণৰ আক্ষেপ প্ৰকাশ কৰা নায়।

    “মোৰ মোঁচ মোৰ গৌৰৱ, এয়া মোৰ আত্মগৌৰৱৰ বিষয়,” কনিষ্টবল ৰাকেশ ৰানাই এইদৰে কয়।

    ৰাকেশ ৰানাই মধ্যপ্ৰদেশ আৰক্ষীত ড্ৰাইভাৰ হিচাপে কৰ্মৰত আছিল।

    মধ্যপ্ৰদেশ আৰক্ষীৰ কনিষ্টবলগৰাকীয়ে দীঘল চুলি আৰু মোঁচৰ বাবে আৰক্ষীৰ পৰা নিলম্বনৰ সন্মুখিন হ’বলগীয়া হোৱাৰ পাছত এতিয়া বিষয়টোৱে চৰ্চা লাভ কৰিছে।

    আৰু পঢ়ক : ২০২২ চনত হালদিয়ালৈ ব্ৰহ্মপুত্ৰৰে কাৰ্গো জাহাজ চলাচল কৰোৱাক লৈ আশাবাদী মুখ্য মন্ত্ৰী সোণোৱাল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং