
ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰত চাঞ্চল্যকৰ ঘটনা। বিলাসীপাৰা আৰক্ষী থানাৰ আৱাস গৃহত চিপ লৈ আত্মহত্যা এগৰাকী আৰক্ষী কনিষ্টবলৰ। UBC৯৬ নম্বৰৰ অসম আৰক্ষীৰ আছিল বিষয়া জন। আৰক্ষীৰ পৰা জানিব পৰা মতে কনিষ্টবল জন মেৰাজুল হক চৌধুৰী।
বিলাসীপাৰাৰ পৰা কিছুদিন পুৰ্বে গৌৰীপুৰ আৰক্ষী থানালৈ বদলি হৈ আহিছিল কনিষ্টবলগৰাকী। বিলাসীপাৰা থানা চৌহদৰ নিজ আৱাস গৃহতে সপৰিয়ালে আছিল কনিষ্টবল জন। পুৱাৰ ভাগত পৰিলায়ৰ লোক কোনো কাৰণত ঘৰৰ পৰা ওলাই যোৱা সময়তে সংঘটিত কৰে এই ঘটনা।
বজাৰলৈ ওলাই যোৱা পুত্ৰই পিছত ঘৰলৈ আহি দৰজা বন্ধ দেখি বাৰে বাৰে ফোন কৰিও ফোন চুইচ অফ কৰি ৰখাত পিতৃৰ লগত সংযোগ কৰিবলৈ বিফল হয়। পিছত দৰজা ভাঙোতেই চিপ লৈ থকা অৱস্থাত উদ্ধাৰ পিতৃৰ মৃতদেহ। জানিবলৈ পোৱা অনুসৰি কনিষ্টবল জনৰ বয়স আনুমানিক ৪৫বছৰ।
আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। সমগ্ৰ ঘটনাই এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
Photo credit: @nurafrujulislam