26 C
Guwahati
Tuesday, September 27, 2022
More

    জাতীয় পতাকাক অপমান ! পতাকা ফালি ভাইৰেল কৰিলে ভিডিঅ’

    জাতীয় পতাকাক অপমান ! পতাকা ফালি ভাইৰেল কৰিলে ভিডিঅ’

    স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে সকলোৱে আজাদী কা অমৃত মহোৎসৱৰ উদযাপন কৰিছে।

    ইয়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ঘৰে ঘৰে পতাকা উত্তোলন কৰিবলৈ কৈছে।

    এই ক্ষেত্ৰত সকলোৱে নিজৰ নিজৰ ঘৰত পতাকা উৰুৱাইছে।

    কিন্তু এনে কিছুমান মানুহ আছে যিয়ে জাতীয় পতাকা খনক অপমান কৰিবলৈও কুণ্ঠাবোধ কৰা নাই।

    উত্তৰ প্ৰদেশৰ কানপুৰত তিনি যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

    যুৱক তিনি জনে জাতীয় পতাকাখন ফালি তাৰ ভিডিঅ’ বনাইছে।

    এওঁ সেই ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। জাতীয় পতাকাক অপমান কৰা যুৱক তিনিজনৰ নাম হৈছে জয় প্ৰকাশ, সঞ্জয় আৰু ৰাজ বাহাদুৰ।

    এই তিনিজনেই দেশৰ পতাকা খন ফালি ডিভিঅ’ বনাই সামাজিক মাধ্যমত ভাইৰেল কৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং