চাঞ্চল্যকৰ হত্যাকাণ্ড ! যুৱতীক হত্যা কৰি টুকুৰা টুকুৰ কৰিলে মৃতদেহ , এজনক গ্ৰেপ্তাৰ

0
6428

ভয়ংকৰ হত্যাকাণ্ড ! যুৱতীক হত্যা কৰি টুকুৰা টুকুৰ কৰিলে মৃতদেহ , এজনক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে। এগৰাকী মহিলাক হত্যা কৰি মৃতদেহটো কেইবাটুকুৰাকৈ কাটি পেলাই দিছিল। আৰক্ষীয়ে দিয়া তথ্য মতে ৮ মাৰ্চৰ দিনা চইবুগ ৰ আৰক্ষীয়ে তনবীৰ আহমেদ খানৰ পৰা এটা গোচৰ লাভ কৰিছিল।

যুৱক জনে কৈছিল যে তেওঁৰ ভগ্নী ৭ মাৰ্চত প্ৰশিক্ষণ কেন্দ্ৰলৈ গৈছিলে। কিন্তু ৮ মাৰ্চলৈকে ঘৰলৈ উভতি অহা নাছিলে। আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰে। তদন্ত কৰি আৰক্ষীয়ে মোহন্দপোৰা বুদগামৰ বাসিন্দা শব্বীৰ আহমেদ ৱানীক গ্ৰেপ্তাৰ কৰে।

জেৰাৰ সময়ত, অভিযুক্তজনে প্ৰকাশ কৰিছিল যে তেওঁ যুৱতী গৰাকীক হত্যা কৰিছে। আৰু যুৱতী গৰাকীৰ মৃতদেহটো টুকুৰা টুকুৰা কৰি ৰে’লৱে দলঙৰ লগতে বিভিন্ন স্থানত পেলাই দিয়ে। ৪৫ বছৰীয়া কাঠমিস্ত্ৰী শব্বীৰ আহমেদ ৱানীয়ে যুৱতী গৰাকীক নিজৰ ঘৰলৈ নি প্ৰথমে হত্যা কৰে।

পিছত যুৱতী গৰাকীৰ শিৰচ্ছেদ কৰাৰ লগতে মৃতদেহটোৰ কেইবা টুকুৰা কৰি পেলাই দিয়ে। আৰক্ষীয়ে তদন্ত কৰি যুৱতী গৰাকীৰ মুৰ আৰু শৰীৰৰ অন্যান্য অংশ উদ্ধাৰ কৰিছে।