28 C
Guwahati
Friday, September 17, 2021
More

    দিল্লীত উত্তৰ-পূবৰ যুৱতীক শ্লীলতা হানিৰ চেষ্টা চলোৱা ৫ গৰাকী পাষণ্ডক গ্ৰেপ্তাৰ

    দিল্লী আৰক্ষীয়ে ৰাজধানী দিল্লীৰ হাউজ খাছ গাঁও অঞ্চলত উত্তৰ-পূবৰ ছোৱালীক কৰা দুৰ্ব্যৱহাৰৰ সন্দৰ্ভত ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

    আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ ভিতৰত ৪ জন মধ্য প্ৰদেশৰ আৰু এজন উত্তৰ প্ৰদেশৰ। ঘটনাটো ১৮ জুলাইৰ নিশা সংঘটিত হৈছিল।

    ভুক্তভোগীগৰাকীয়ে দাৰ্জিলিঙৰ তেওঁৰ তিনিজন বন্ধুৰ সৈতে ৰেষ্টুৰেণ্টৰ বাহিৰত এখন কেবৰ বাবে অপেক্ষা কৰি আছিল। তেতিয়া ৩-৪ জনীয়া ল’ৰাৰ এটা দলে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰিছিল। উৎপীড়নৰ এটা ভিডিঅ’ ভাইৰেল হৈও পৰিছিল।

    যাৰ পিছত চফদৰজং এনক্লেভ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল। অভিযুক্তসকলে এখন ৰেষ্টুৰেণ্টৰ পৰা সুৰা পাৰ্টি কৰি এম পিলৈ উভতি আহিছিল।

    গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ দুজনে ডিজে হিচাপে কাম কৰে আৰু দুজনে টেণ্ট লগোৱাৰ কাম কৰে।   

    এই দলটোৱে বৈষ্ণো দেৱী দৰ্শন কৰি উভতি আহিছিল। তেওঁলোকৰ পুৱা ৪ বজাত এম পি উভতি অহাৰ ট্ৰেইন আছিল।

    আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁলোক সকলোৱে সেইদিনা দিল্লী ৰে’ল ষ্টেচন এৰি অটোযোগে হাউজ খাছ ভিলেজত উপস্থিত হৈছিল।

    ইয়াত তেওঁলোকে এখন ৰেষ্টুৰেণ্টত আহাৰ গ্ৰহণ কৰাৰ পিছত দাৰ্জিলিঙৰ ছোৱালীবোৰৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল।

    ভুক্তভোগী ছোৱালী কেইগৰাকীয়ে ঘটনাটোৰ এটা ভিডিঅ’ বনাইছিল আৰু ইয়াক ভাইৰেল কৰি তুলিছিল। ঘটনাটোৰ দুদিন পিছত, এজন ভুক্তভোগী আৰক্ষী চকীত উপস্থিত হয় আৰু ঘটনাটোৰ বিষয়ে আৰক্ষীত অভিযোগ দাখিল কৰে।

    আৰক্ষীয়ে ৰেষ্টুৰেণ্টখনৰ চিচিটিভি ফুটেজৰ সহায়ত লোক কেইজনক চিনাক্ত কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং