20 C
Guwahati
Saturday, December 4, 2021
More

    সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট কবি সনন্ত তাঁতীৰ দেহাৱসান, মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

    অসমীয়া কাব্য জগতৰ বিশিষ্ট কবি তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক সনন্ত তাঁতীৰ বুধবাৰে নিশা দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল হস্পিটেলত দেহাৱসান ঘটে।

    দীৰ্ঘদিনৰ পৰা জটিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বিশিষ্ট কবি গৰাকীয়ে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে।

    ২০১৮ চনত কাইলৈৰ দিনটো আমাৰ হ’ব কাব্যপুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হোৱা সনন্ত তাঁতীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৯ বছৰ।

    ১৯৫২ চনত কৰিমগঞ্জত জন্মগ্ৰহণ কৰা বিশিষ্ট কবি গৰাকীয়ে নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ, ধোঁৱা ছাইৰ সপোন, দীৰ্ণ বসন্তৰ সৌৰভ, আপুনি আপোনাৰ সৈতে যুদ্ধ কৰিব পাৰিবনে আদি কাব্যগ্ৰন্থৰে অসমীয়া কাব্যজগতৰ ভৰাল চহকী কৰি থৈ গৈছে।

    বিশিষ্ট কবি গৰাকীৰ মৃত্যুত অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক ব্যক্ত কৰিছে।

    উল্লেখযোগ্য যে, দাৰিদ্ৰতাৰ সৈতে যুঁজি যুঁজি নিয়তিৰ ওচৰত হাৰ মনা কবি সনন্ত তাঁতিৰ মৃতদেহ এতিয়াও দিল্লীৰ ইন্দ্ৰপস্থ এপ’ল হস্পিটেলতে আছে বুলি জানিব পৰা গৈছে। চিকিৎসালয়ত আদায় দিবলগীয়া ধন আদায় দিবলৈ বাকী থকা বাবেই এতিয়াও চিকিৎসালয়ৰ পৰা অসমৰ বিশিষ্ট কবিগৰাকীৰ মৃতদেহ মুকলি কৰি আনিব পৰা হোৱা নায়।

    অতি শীঘ্ৰে অসম চৰকাৰৰ তৰফৰ পৰা কবিগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰি বিশিষ্ট কবিগৰাকীক উচিত সন্মান প্ৰদান কৰাৰ বাবে সচেতন লোক সকলে আহ্বান জনাইছে।

    আৰু পঢ়ক : মেঘালয়ত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ, আটক বহি:ৰাজ্যৰ প্ৰেমিকা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং