প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তা উলংঘন : পাঁচজনীয়া সদস্যৰে তদন্ত সমিতি গঠন উচ্চতম ন্যায়ালয়ৰ

0
604

যোৱা ৫ জানুৱাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱ ভ্ৰমণ কৰাৰ সময়ত কৃষক প্ৰতিবাদৰ বাবে তেওঁৰ কনভয় পথৰ মাজতে আৱদ্ধ হৈ পৰা ঘটনাটোৱে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘন হোৱা বুলি অভিযোগ উত্থাপন হৈছিল।

আজি উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত তদন্তৰ বাবে পাঁচজনীয়া সদস্যৰে এখন সমিতি গঠন কৰি দিছে। এই তদন্ত সমিতিৰ নেতৃত্ব দিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইন্দু মালহোত্ৰাই।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আৰু পঞ্জাৱ আৰক্ষীৰ বিষয়াসকল তদন্তৰ অংশ হ’ব বুলিও উচ্চতম ন্যায়ালয়ে লগতে উল্লেখ কৰে।

‘এই প্ৰশ্নবোৰ কোনো একপক্ষীয় অনুসন্ধানৰ ওপৰত এৰি দিব নোৱাৰি। আমাক এটা স্বতন্ত্ৰ তদন্তৰ প্ৰয়োজন’, উচ্চতম ন্যায়ালয়ে কয়।

কি কাৰণত নিৰাপত্তা উলংঘন হৈছিল, ইয়াৰ বাবে কোন দায়ী আছিল আৰু ভৱিষ্যতে এনে ত্ৰুটি প্ৰতিহত কৰিবলৈ কি ব্যৱস্থাৰ প্ৰয়োজন সেই বিষয়ে সমিতিখনে অনুসন্ধান কৰিব আৰু অতি সোনকালে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব।

অৱশ্যে শুনানিৰ বিশদ বিৱৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।