দিপাৱলী উপলক্ষে দেশৰ যুৱক-যুৱতীৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ ঘোষণা

0
149

দেশৰ যুৱক-যুৱতীৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ ঘোষণা। দিপাৱলী লগত সংগতি ৰাখি মোদীৰ বিশেষ উপহাৰ।

সমগ্ৰ দেশৰ ৭৫,০০০ যুৱক-যুৱতীক উপহাৰ দিব চাকৰি। ২২ অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ যুৱ প্ৰজন্মৰ সৈতে সংযোগ স্থাপন কৰিব আৰু ৭৫,০০০ যুৱক-যুৱতীক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰা কৰিব।

প্ৰতিৰক্ষা, ৰে’লৱে, গৃহ মন্ত্ৰালয়, চিআইএছএফ, শ্ৰম আৰু নিযুক্তি, চিবিআই, শুল্ক, বেংক, চিএএফ আদিৰ বিভাগৰ বাবে দিয়া হ’ব নিযুক্তি পত্ৰ।  

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে চলিত বছৰৰ জুন মাহত কৈছিল যে অহা বছৰৰ ডিচেম্বৰৰ ভিতৰত এক মিলিয়ন লোকক চাকৰি দিয়া হ’ব, আৰু অৱশেষত নিজৰ কথা ৰখাৰ লক্ষ্যৰে মোদীয়ে এই বৃহৎ ঘোষণা কৰিছে।

জানিব পৰা মতে, দেশৰ বিভিন্ন চহৰৰ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে, উক্ত কাৰ্যসূচীত যোগদান কৰিব তেওঁলোকৰ সংসদীয় সমষ্টিৰ সাংসদসকলেও।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে উৰিষ্যাৰ পৰা, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই গুজৰাটৰ পৰা, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে চণ্ডিগড়ৰ পৰা, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে মহাৰাষ্ট্ৰৰ পৰা যোগদান কৰিব।

আনহাতে ৰাজস্থানৰ পৰা ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে, তামিলনাডুৰ পৰা বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, উত্তৰ প্ৰদেশৰ গধুৰ উদ্যোগ মন্ত্ৰী মহেন্দ্ৰ পাণ্ডে, ঝাৰখণ্ডৰ অৰ্জুন মুণ্ডা, বিহাৰৰ গিৰিৰাজ সিঙেও এই কাৰ্যসূচীত যোগদান কৰিব।