১ অক্টোবৰৰ পৰা দেশত আৰম্ভ হ’ব ৫জি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব মুকলি

0
3058

১ অক্টোবৰৰ পৰা দেশত আৰম্ভ হ’ব ৫জি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিব মুকলি

দেশত শীঘ্ৰেই মুকলি হ’ব ৫জি ইণ্টাৰনেট সেৱা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব এই ৫ জি ইণ্টাৰনেট সেৱা। অহা ১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ প্ৰগতি ময়দানস্থিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছত ৫জি সেৱা আৰম্ভ কৰিব।

যোগাযোগ মন্ত্ৰালয়ৰ অধীনত পৰিচালনা কৰা ৰাষ্ট্ৰীয় ব্ৰডবেণ্ড মিছনে এক টুইটযোগে কয়, ভাৰতৰ ডিজিটেল পৰিৱৰ্তন আৰু সংযোগক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীয়ে ভাৰতত ৫জি সেৱা আৰম্ভ কৰিব।

ভাৰতৰ ডিজিটেল সংযোগ ব্যৱস্থাক এক নতুন শিখৰলৈ নিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে এছিয়াৰ সৰ্ববৃহৎ ডিজিটেল টেকন’লজি ফ’ৰাম ইণ্ডিয়া ম’বাইল কংগ্ৰেছত ৫জি ইণ্টাৰনেট সেৱা আৰম্ভ কৰিব বুলি ৰাষ্ট্ৰীয় ব্ৰডবেণ্ড মিছনে উল্লেখ কৰিছে।

দিল্লী আৰু মুম্বাইকে ধৰি দেশৰ সাতখন শীৰ্ষ চহৰত ৰিলায়েন্স জিঅ’, এয়াৰটেল আৰু ভি ভ’ডাফোন-আইডিয়াৰ দ্বাৰা ৫জি সেৱাৰ শুভাৰম্ভ কৰা হ’ব। পাছলৈ অন্য চহৰ তথা ৰাজ্যতো মুকলি কৰা হব এই সেৱা।