মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠক, ‘বৰ্তমানে নৈশ সান্ধ্য আইনে যথেষ্ট, সম্পূৰ্ণ লকডাউন এতিয়া নহয়’-মোদী
দেশত কৰণাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজি 8 এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যৰ মূখ্যমন্ত্ৰী সকলৰ সৈতে এক বৈঠকত মিলিত হৈছিল। কৰ’ণা সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ আলোচনা কৰে সেই বৈঠকত।
বৈঠকত নৰেন্দ্ৰ মোদীয়ে কয় যে, ‘বৰ্তমানে নৈশ সান্ধ্য আইনে যথেষ্ট, সম্পূৰ্ণ লকডাউন এতিয়া নহয়’। অৱশ্যে কভিড পৰীক্ষাৰ ক্ষেত্ৰত বহু সতৰ্কতা অৱলম্বন কৰাতো প্ৰয়োজন।
সকলো ৰাজ্যৰ মূখ্যমন্ত্ৰী সকলক কয় যে, ৪৫ বৰ্ষৰ ওপৰৰ সকলো লোকৰে অতি শীঘ্ৰে কভিড টীকাকৰণৰ সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। আনহাতে কয় যে বৰ্তমান সময়লৈ দেশত ৯ কোটিৰো অধিক লোকৰ টীকাকৰণ সম্পূৰ্ণ হৈ উঠিছে।
জনসাধাৰণৰ কৰণাৰ গুৰুত্ব বঢ়োৱাৰ বাবেও আহ্বান জনায়, কিয়নো বিগত বছৰৰ তুলনাত এইবাৰ কম গুৰুত্বহীন হৈ পৰিছে কৰ’ণা। যাৰ বাবে বৃদ্ধি পাই গৈ আছে সংক্ৰমণ । লগতে সৰু সৰু কণ্টেইমেণ্ট জ’ন কৰি সেই সমূহতো সজাগতা বৃদ্ধিৰ বাবে আহ্বান।