31 C
Guwahati
Thursday, September 29, 2022
More

    ২ আগষ্টৰ পৰা প্ৰফাইল পিকচাৰত লগাওক ত্ৰিৰংগা ! মন কি বাত’ত দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

    ২ আগষ্টৰ পৰা প্ৰফাইল পিকচাৰত লগাওক ত্ৰিৰংগা ! মন কি বাত’ত দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

    দেওবাৰে ‘মনকি বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰে । ‘মন কি বাত’ত প্ৰধানমন্ত্ৰীয়ে কমনৱেলথ গেমছত দেশলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈক সকলক শুভেশ্চা জনাই।

    এইবাৰৰ ‘মন কি বাত’ত স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত ১৩ ৰ পৰা ১৫ আগষ্টলৈ এক বিশেষ উৎসৱৰ আয়োজন কৰা হৈছে আৰু ‘হৰ ঘৰ তিৰঙ্গা- হৰ ঘৰ তিৰঙ্গা’ৰো ব্যৱস্থা কৰা হৈছে  ।

    এই উৎসৱৰ অংশ হিচাপে  ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সকলোৱে নিজৰ নিজৰ ঘৰত ত্ৰিৰংগা উত্তোলন কৰিব লাগিব বা ত্ৰিৰংগা খনক ঘৰৰ আগফালে ৰাখিব লাগিব।

    ইয়াৰ ওপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলক ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নিজৰ ছচিয়েল মিডিয়াৰ প্ৰফাইল পিকচাৰত ত্ৰিৰংগা ৰখিবলৈ আহ্বান জনায় ।

    উল্লেখ্য যে ২ আগষ্টত পিঙ্গালী ভেংকায়াৰ জন্মজয়ন্তী । যিয়ে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ নক্সা তৈয়াৰ কৰিছিলে । অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁক আমি সন্মান জনাব লাগে ।

    মই তেওঁলৈ সন্মান জনাই ২ আগষ্টত সকলোৰে ডিপিত জাতীয় পতাকা লগাবলৈ সকলোকে আহ্বান জনাইছো। এইবাৰ ‘মন কী বাত’ বহুত গুৰুত্বপূৰ্ণ। কাৰণ এইবাৰ ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ কৰিব। আমি সকলোৱে ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ম।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং