দেশত আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ শুভাৰম্ভ প্ৰধান মন্ত্ৰীৰ

0
2713
আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ শুভাৰম্ভ, কি কি সুবিধা লাভ
ফটো সৌজন্য-ইণ্টাৰনেট

দেশত আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ শুভাৰম্ভ প্ৰধান মন্ত্ৰীৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনুষ্ঠানিকভাৱে দেশত আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ শুভাৰম্ভ কৰে।

আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ জৰিয়তে দেশৰ নাগৰিক সকলৰ স্বাস্থ্য সম্বন্ধীয় ৰেকৰ্ড সমূহ ডিজিটেলভাৱে সংগ্ৰহ কৰি ৰখাৰ উপৰিও ডিজিটেলভাৱে আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা লাভ কৰিব।

এই আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে এখন ১৪ ডিজিট স্বাস্থ্য আই ডি কাৰ্ড লাভ কৰিব যিখন আই ডি কাৰ্ডত নাগৰিক সকলৰ স্বাস্থ্য সম্পৰ্কীয় ৰেকৰ্ড সমূহ সন্নিবিষ্ট হৈ থাকিব।

আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনাৰ তিনিবছৰীয়া বৰ্ষপুৰ্তি উপলক্ষে দেশত আজি আনুষ্ঠানিকভাৱে আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনি শুভাৰম্ভ কৰা হয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুষ্মান ভাৰত ডিজিটেল মিছন আঁচনিৰ জৰিয়তে দেশৰ নাগৰিক সকলৰ স্বাস্থ্য সম্পৰ্কে ডিজিটেলভাৱে তথ্য সংৰক্ষণ কৰিব পৰা যাব যাৰ দ্বাৰা প্ৰতিগৰাকী ব্যক্তিক উপযুক্ত স্বাস্থ্য সেনা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰৰ সহায় হ’ব।

আৰু পঢ়ক : ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা অসমীয়া স্বভিমান জাপি-শৰাই আদি ভাঙি চুৰমাৰ, আজিয়ে পুনৰ স্থাপনৰ সম্ভাৱনা