33 C
Guwahati
Wednesday, October 13, 2021
More

    আফগানিস্তানক সন্ত্ৰাসবাদৰ উৎস হোৱাৰ পৰা ৰক্ষা কৰক, জি-২০ বৈঠকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

    প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ভাৰ্চুৱেলি জি-২০ দেশ সমূহৰ বৈঠকত অংশগ্ৰহণ কৰে।

    ইটালীৰ প্ৰধান মন্ত্ৰী দাৰিঅ’ দ্ৰাঘিয়ে আট ধৰা জি-২০ দেশ সমূহৰ বৈঠকত বিশেষভাৱে আফগানিস্তানৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হয়।

    প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বক্তব্যত আফগানস্তিনাৰ ভূখণ্ড যাতে ভবিষ্যতে সন্ত্ৰাসবাদৰ উত্থানৰ বাবে ব্যৱহৃতন নহয় তাৰ প্ৰতি দৃষ্টি ৰখাৰ বাবে বিশ্ব সম্প্ৰদায়ক আহ্বান জনায়।

    ইপিনে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আফগানিস্তান নাগৰিক সকলৰ সহায়ৰ বাবে সকলো দেশকে মানৱীয় সাহায্য আগবঢ়াবলৈয়ো আহ্বান জনায়।

    উল্লেখযোগ্য যে, আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ পাছৰে পৰা সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে আফগানিস্তানৰ ওপৰত।

    দেশখনত তালিবানী শাসন প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা যিধৰণে সন্ত্ৰাসবাদৰ উত্থান ঘটাৰ লগতে মানৱীয় অধিকাৰ সমূহ ভূলুণ্ঠিত হৈছে তাক লৈ অন্যান্য দেশসমূহে উদ্বেগ প্ৰকাশ কৰি আহিছে।

    আৰু পঢ়ক : মেঘালয়ত পুজা চাবলৈ গৈ অসমৰ দুজন যুৱকৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং