
ভাৰত-চীন সীমান্তত দুয়োপক্ষৰ সেনাৰ মাজত হোৱা সংঘৰ্ষক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে দেওবাৰে উত্তৰ-পূব ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবৰ দুই ৰাজ্য মেঘালয় আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক সংগ দিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে।
প্ৰথমে ত্ৰিপুৰাত উপস্থিত হৈ মোদীয়ে বিবেকানন্দ খেলপথাৰত এখন জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা, গৰীৱ কল্যাণ অন্ন যোজনা, প্ৰধানমন্ত্ৰী-কিষাণ আৰু জল জীৱন আঁচনিৰ দৰে সুবিধাপ্ৰাপ্ত লোকসকলৰ লগত মত বিনিময় কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, কেবিনেট মন্ত্ৰী আৰু বিজেপি বিধায়কসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।
ইয়াৰ পিছতে পূৰ্বোত্তৰ পৰিষদৰ স্বৰ্ণ জয়ন্তী সমাৰোহত ভাগ লোৱাৰ উদ্দেশ্যে আহিব মেঘালয়লৈ। এই সময়ত প্ৰধানমন্ত্ৰী মোদীক সংগ দিব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই।
উল্লেখ্য যে, ২০২৩ বৰ্ষত উত্তৰ-পূবৰ দুই ৰাজ্য ক্ৰমে ত্ৰিপুৰা আৰু মেঘালয়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।