28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’লে কৰ’ণা ভেকচিনৰ দ্বিতীয়টো ড’জ

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ এইমছত কভিড ভেকচিনৰ দ্বিতীয়টো পালি (ড’জ) গ্ৰহণ কৰে।

    প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পূৰ্বে ১ মাৰ্চত ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰিছিল।

    প্ৰধানমন্ত্ৰীক এইমছত ভেকচিনৰ পালি দিয়া দুগৰাকী নাৰ্চৰ এগৰাকী হৈছে পুডুচেৰীৰ পি নিবেদা আৰু আনগৰাকী হৈছে পঞ্জাৱৰ নিশা শৰ্মা।

    প্ৰধানমন্ত্ৰী মোদীক দ্বিতীয়বাৰ পালি দিয়া নাৰ্চ নিশা শৰ্মাই কয়, ‘মই আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কোভেক্সিনৰ দ্বিতীয়টো পালি প্ৰদান কৰিছো। তেওঁ আমাৰ সৈতে কথাও পাতিছে। এইটো মোৰ বাবে এক স্মৰণীয় মুহূৰ্ত’।

    ইফালে ১ মাৰ্চত প্ৰথম পালি দিয়া আন এগৰাকী নাৰ্চ নিবেদাই কয়, ‘মই টিকাকৰণকাৰী যিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘কোভেক্সিন’ৰ প্ৰথম পালি দিছিলো। আজি মই তেওঁক লগ পোৱাৰ আৰু দ্বিতীয়বাৰৰ বাবে টিকাকৰণ কৰাৰ আন এটা সুযোগ লাভ কৰিলো। তেওঁ আমাৰ সৈতে কথা পাতিছিল’।

    ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভেকচিন গ্ৰহণ কৰি দেশবাসীকো কৰ’ণাৰ বিৰুদ্ধে যুঁজিবলৈ ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

    তেওঁ কয়, ‘আজি এইমছত মই মোৰ দ্বিতীয়টো কৰ’ণা ভেকচিনৰ পালি গ্ৰহণ কৰিলো। টিকাকৰণ হৈছে ভাইৰাছক পৰাস্ত কৰা কেইটামান উপায়ৰ ভিতৰত অন্যতম। যদি আপুনি টিকাকৰণৰ বাবে যোগ্য তেন্তে শীঘ্ৰে cowin.gov.in ত পঞ্জীয়ন কৰক আৰু ভেকচিন গ্ৰহণ কৰক’।

    আৰু পঢ়ক : নিৰ্বাচন শেষ এতিয়া কৰ’ণাৰ প্ৰৱেশ; বুধবাৰে অসমত ১৯৫ গৰাকী লোক আক্ৰান্ত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং