19 C
Guwahati
Wednesday, December 1, 2021
More

    দেশবাসীক সপ্ত প্ৰতিজ্ঞা পালন কৰিবলৈ আহ্বান মোদীৰ; কি এই সপ্ত প্ৰতিজ্ঞা?

    ''য'ত আছে তাতে থাকক, সুৰক্ষিত হৈ থাকক''-মোদীৰ আহ্বান

    আজি পুৱা ১০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰে দেশবাসীক।লক ডাউন সন্দৰ্ভত মোদীয়ে কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা।কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ সমগ্ৰ দেশতে লক ডাউনৰ সময়সীমা বৃদ্ধি কৰা হ’ল ৩ মে’লৈ।এয়া কৰ’ণা সংক্ৰমণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ চতুৰ্থটো সম্বোধন।অহা ৩ মে’লৈকে দেশৰ জনসাধাৰণে লকডাউনৰ নিয়ম পালন কৰিব লাগিব।দেশবাসীক কৰা সম্বোধনত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সপ্ত প্ৰতিজ্ঞা পালন কৰিবলৈ আহ্বান জনায়। দেশবাসীক আহ্বান কৰা মোদীৰ সপ্ত প্ৰতিজ্ঞা হ’ল-

    ১)আৰোগ্য সেঁতু মোবাইল এপ(Aarogya Setu) ডাউনলোড কৰক আৰু আনকো ডাউনলোড কৰিবলৈ উৎসাহিত কৰক।
    ২)দৰিদ্ৰ পৰিয়ালৰ যত্ন লওক, দিয়ক খাদ্য সামগ্ৰী।
    ৩)আপোনাৰ নেতৃত্বত কাম কৰা লোকৰ যত্ন লওক।
    ৪)চিকিৎসক, ছাফাইকৰ্মী, আৰক্ষীক আদৰেৰে সন্মান কৰক।
    ৫)নিজৰ ঘৰৰ জ্যেষ্ঠজনৰ প্ৰতি যত্ন লওক।
    ৬)পুৰণা ৰোগ থকা পৰিয়ালৰ জ্যেষ্ঠজনক গুৰুত্ব দিয়ক।
    ৭)লকডাউন আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখক।

    এই সাতটা প্ৰতিজ্ঞাক সপ্ত প্ৰতীক হিচাপে চিহ্নিত কৰা হৈছে।
    লকডাউনৰ নিয়ম পালন কৰিবলৈ মোদীয়ে জনসাধাৰণক আহ্বান জনাই কৈছে- ”য’ত আছে তাতে থাকক, সুৰক্ষিত হৈ থাকক।”

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং