পঞ্জাৱ ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বাবে লোৱা নাছিল প্ৰয়োজনীয় পদক্ষেপ! তদন্ত সমিতিৰ প্ৰতিবেদন

0
140

পঞ্জাৱ ভ্ৰমণত প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বাবে লোৱা নাছিল প্ৰয়োজনীয় পদক্ষেপ! তদন্ত সমিতিৰ প্ৰতিবেদন

পঞ্জাৱত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ত্ৰুটিৰ তদন্তৰ বাবে গঠন কৰা সমিতিখনে উচ্চতম ন্যায়ালয়ত ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে।

প্ৰাক্তন ন্যায়াধীশ ইন্দু মালহোত্ৰাৰ নেতৃত্বত গঠিত সমিতিখনে ইয়াৰ প্ৰতিবেদনত কয় যে দুঘণ্টা আগতে পথপৰিৱৰ্তনৰ বিষয়ে তথ্য পোৱাৰ পাছতো ফিৰোজপুৰৰ এছএছপিয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নাছিল।

পাঞ্জাৱৰ আৰক্ষীক ভিভিআইপি সুৰক্ষাৰ ওপৰত উন্নত প্ৰশিক্ষণৰ প্ৰয়োজন আছে। সমিতিখনে প্ৰধানমন্ত্ৰী মোডীৰ নিৰাপত্তা শক্তিশালী কৰাৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছে।

উচ্চতম ন্যায়ালয়ে কৈছে যে তেওঁলোকে এই পৰামৰ্শসমূহ কেন্দ্ৰীয় চৰকাৰলৈও প্ৰেৰণ কৰিব যাতে পৰৱৰ্তী সাৱধানতা অৱলম্বন কৰিব পৰা যায়।

দৰাচলতে ২০২২ চনৰ ৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ ফিৰোজপুৰ ভ্ৰমণ কৰিছিল।সেইদিনা ধাৰাসাৰ বৰষুণৰ বাবে প্ৰধানমন্ত্ৰীয়ে যিটো ৰাস্তাৰে যাব লগা আছিল কিন্তু প্ৰতিবাদকাৰীসকলে হুছেইনিৱালাৰ পৰা ৩০ কিলোমিটাৰ দূৰত পথত ৰৈ আছিল।

যাৰ বাবে তেওঁৰ কনভয় অতি অসুৰক্ষিত এলেকাত প্ৰায় ২০ মিনিটৰ বাবে ৰখাই দিয়া হৈছিল।প্ৰধানমন্ত্ৰী মোডীৰ কনভয় ৰখা অঞ্চলটো সন্ত্ৰাসবাদীৰ উপৰিও হেৰোইন চোৰাং ব্যৱসায়ীসকলৰ দুৰ্গ বুলি গণ্য কৰা হয়।

সেই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে কৈছিল যে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী আৰু ভ্ৰমণ পৰিকল্পনা ইতিমধ্যে পঞ্জাৱ চৰকাৰক জনোৱা হৈছে। তেওঁলোকে ইয়াৰ বাবে যেনেধৰণে ব্যৱস্থা কৰিব লাগিছিল তেনেধৰণৰ ব্যৱস্থা কৰা নাছিলে।