দিল্লীৰ এইমছত চিকিৎসা গ্ৰহণ কৰি থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিয়ালক সাক্ষাৎ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। শুকুৰবাৰে পত্নী ডঃ জয়শ্ৰী গোস্বামী মহন্ত আৰু তেওঁলোকৰ পুত্ৰক সাক্ষাৎ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ললে প্ৰধানমন্ত্ৰীগৰাকীয়ে। দীৰ্ঘদিনে অসুস্থ হৈ থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী শেহতীয়াকৈ অধিক অসুস্থ হৈ পৰিছে। শাৰীৰিক অৱস্থাৰ প্ৰতি নজৰ দি তেখেতক এয়াৰ এম্বুলেঞ্চেৰে বৃহস্পতিবাৰে দিল্লীলৈ নি এইমছত ভৰ্তি কৰা হয়। ইতিমধ্যে দিল্লীত তেখেতক চিকিৎসা প্ৰদান কৰি থকা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত আৰোগ্য কামনা কৰে।
উল্লেখ্য যে, ১৯৮৫ চন আৰু ১৯৯৬ চনত তেখেত দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। অসম আন্দোলনৰ অগ্ৰণী নেতাগৰাকীয়ে অতি কম বয়সতে অসমৰ মুখ্যমন্ত্ৰীৰ পদত নিৰ্বাচিত হৈছিল।
আৰু পঢ়ক : কংগ্ৰেছ আৰু এআইইউডিএফ অসমৰ জাতীয় জীৱনৰ বাবে কলংকিত শক্তিঃ অতুল বৰা