গুজৰাটৰ কেৱাদিয়াত মিছন লাইফ মুকলি প্ৰধানমন্ত্ৰী মোদীৰ

0
72

গুজৰাটৰ কেৱাদিয়াত প্ৰধানমন্ত্ৰী মোদীৰ মিছন লাইফ মুকলি

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন এক নতুন আচঁনি মুকলি কৰে। গুজৰাটৰ কেৱাদিয়াৰ নগৰস্থিত একতা ঐক্যৰ মূৰ্তিত, মিছন লাইফ(পৰিৱেশৰ বাবে জীৱনশৈলী)মুকলি কৰিছে।

এই মুকলি অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছ।

উল্লেখযোগ্য যে ‘মিছন লাইফ’ৰ উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে জনসাধাৰণৰ প্ৰতি আহ্বান জনায় কয় যে এটি সুস্থ পৰিৱেশৰ কাৰণে আমি সকলোৱে আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন আনিব লাগিব।

মিছন লাইফে জলবায়ু সংকটৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

মিছন লাইফৰ লক্ষ্য হৈছে বহনক্ষমতাৰ প্ৰতি মানুহৰ সামূহিক দৃষ্টিভংগী সলনি কৰাৰ বাবে তিনিটা দিশৰ কৌশল অনুসৰণ কৰা।

ইফালে এই পদক্ষেপক সফল কৰি তুলিবলৈ ভাৰতৰ সৈতে কাম কৰাৰ বাবে আগ্ৰহী বুলি মন্তব্য কৰিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে।