ভাৰতৰ ইতিহাস গোলামীৰ নহয়, বীৰ যোদ্ধাসকলৰ ইতিহাস বিকৃত কৰা হৈছিল : লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী মোদী

0
425

ৰাজধানী দিল্লীৰ বিজ্ঞান ভৱনত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকীৰ আজি সামৰণি পৰে। ষোল্লশ শতিকাত মোগল সেনাৰ বিৰুদ্ধে যুঁজ দি বিজয়ী হোৱা অসমৰ আহোম ৰাজ্যৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বছৰজোৰা উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰফুকনৰ বীৰত্বৰ কাহিনী সন্দৰ্ভত নিজৰ মতামত আগবঢ়ায়। অসমীয়াতে ভাষণৰ আৰম্ভণি কৰা প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে ভাৰত মাতৃক লাচিতৰ দৰে বীৰক প্ৰদান কৰা অসমৰ মহান ভূমিক প্ৰণাম জনায়।

মহান যোদ্ধাজনৰ জন্ম বাৰ্ষিকীত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যবান বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অসমবাসীৰ লগতে সকলো দেশবাসীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি ভাৰতে নিজৰ সংস্কৃতিৰ ঐতিহাসিক বীৰ-বীৰাংগনাসকলক সগৌৰৱেৰে স্মৰণ কৰি আহিছে। মা ভাৰতীৰ লাচিতৰ দৰে অমৰ সন্তান আমাৰ বাবে প্ৰেৰণা। আজি দেশে ঔপনিৱেশিক মানসিকতা ত্যাগ কৰি নিজৰ ঐতিহ্যৰ বাবে গৌৰৱ কৰে। ভাৰতে কেৱল সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপন কৰাই নহয়, ইতিহাসৰ বীৰসকলকো গৌৰৱেৰে স্মৰণ কৰি আহিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘কোনোবাই যদি আমাক তৰোৱালৰে দমন কৰিব বিচাৰে, আমাৰ চিৰন্তন পৰিচয় সলনি কৰিব বিচাৰে, তেন্তে আমিও ইয়াৰ উত্তৰ দিব জানো। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভূমি ইয়াৰ সাক্ষী। বীৰ লাচিতে দেখুওৱা সাহস আছিল মাতৃভূমিৰ প্ৰতি থকা অগাধ প্ৰেম। অসমৰ জনসাধাৰণে আক্ৰমণকাৰীৰ মুখামুখি হৈ কেইবাবাৰো পৰাস্ত কৰিছিল। মোগলে গুৱাহাটী দখল কৰিছিল, কিন্তু লাচিত বৰফুকনৰ দৰে বীৰে অত্যাচাৰীৰৰ পৰা মুক্ত কৰিছিল। শৰাইঘাটত লাচিত বৰফুকনে প্ৰদৰ্শন কৰা বীৰত্বই মাতৃভূমিৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম প্ৰতিফলিত কৰে। লাচিত বৰফুকনৰ বীৰত্ব আৰু নিৰ্ভীকতাই হৈছে অসমৰ পৰিচয়’।

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে স্বাধীনতাৰ পিছতো আমাক সেই একেই ইতিহাস পঢ়োৱা হৈছিল, যিটো দাসত্বৰ সময়ৰ আছিল। স্বাধীনতাৰ পিছত দাসত্বৰ এজেণ্ডা সলনি কৰাৰ প্ৰয়োজন আছিল যদিও সেয়া নহ’ল। ভাৰতৰ ইতিহাস কেৱল গোলামীৰ ইতিহাস নহয়, ই যোদ্ধাৰ ইতিহাস। ভাৰতৰ ইতিহাস বিজয়, বীৰত্ব, ত্যাগৰ আৰু মহান পৰম্পৰাৰ। তেওঁলোকৰ জীৱনে আমাক দেশৰ কথা চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰে।

লাচিত বৰফুকনে নিজৰ মোমায়েকক শিৰচ্ছেদ কৰাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে এই কথাই এইটোৱে প্ৰমাণ কৰে যে দেশতকৈ কোনো সম্পৰ্ক ডাঙৰ নহয়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজিৰ ভাৰতে ‘ৰাষ্ট্ৰ প্ৰথম’ৰ আদৰ্শৰে আগবাঢ়িছে। ইতিহাসৰ প্ৰতি আমাৰ দৃষ্টিভংগী মাত্ৰ কেইটামান দশকত সীমাবদ্ধ নকৰাটো আমাৰ দায়িত্ব। লাচিতৰ বীৰত্বৰ কোনো গুৰুত্ব নাই নেকি? ইতিহাসৰ সন্দৰ্ভত, আগতে যিবোৰ ভুল হৈছিল, এতিয়া দেশে সেইবোৰ শুধৰণি কৰি আছে। ব্যক্তিগত স্বাৰ্থতকৈ দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিবলৈ লাচিতৰ জীৱনে আমাক অনুপ্ৰাণিত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি ভাৰতক বিকশিত কৰিব লাগিব আৰু উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ শক্তিৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব লাগিব। মই নিশ্চিত যে বীৰ লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকীয়ে এই সংকল্পসমূহ শক্তিশালী কৰি তুলিব আৰু দেশে নিজৰ লক্ষ্যত উপনীত হ’ব।

ইয়াৰ উপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে লাচিত বৰফুকনৰ বীৰত্বৰ কথা দেশৰ প্ৰতিটো চুকে-কোণে লৈ যোৱাৰ বাবে তথ্যচিত্ৰ নিৰ্মাণ কৰাৰো পোষকতা কৰে।