
মোদীয়ে ৰক্ষা কৰিলে প্ৰতিশ্ৰুতি; নীৰজ চোপ্ৰা, পি ভি সিন্ধুৰ লগত খালে তেওঁলোকৰ প্ৰিয় খাদ্য আৰু…
টকিঅ’ অলিম্পিকত অংশ গ্ৰহণ কৰা ভাৰতীয় খেলুৱৈ সকলক ১৬ আগষ্টত সাক্ষাত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়চোৱাত মোদীয়ে কেইজনমান খেলুৱৈক কৰা প্ৰতিশ্ৰুতি পূৰণ কৰে।
মোদীয়ে সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাৰ লগত তেওঁৰ প্ৰিয় ছুৰমা খায়। তাৰ পিছতেই বেডমিন্টনত ব্ৰঞ্জৰ পদক লাভ কৰা পি ভি সিন্ধুৰ লগতে আইচক্ৰিম খাই।
উল্লেখ্য যে, যেতিয়া পি ভি সিন্ধু অলিম্পিকলৈ ৰাওনা হৈছিল তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ প্ৰতিশ্ৰুতি দি কৈছিল যে তুমি উভতি অহাৰ পিছত আমি একেলগে আইচক্ৰীম খাম।
সেই প্ৰতিশ্ৰুতি আজি পূৰণ কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে। ইয়াৰোপৰি এই সময়চোৱাত বজৰং পুনিয়া, ৰবি কুমাৰ দহিয়াকো দেখিবলৈ পোৱা যায়।