25 C
Guwahati
Sunday, May 22, 2022
More

    কথা দি কথা নাৰাখিলে প্ৰধানমন্ত্ৰীয়ে, কিয় পাহৰিলে প্ৰতিশ্ৰুতি! অসহায় নেকি অসমৰ ২ প্ৰভাৱশালী মন্ত্ৰী…

    কথা দি কথা নাৰাখিলে প্ৰধানমন্ত্ৰীয়ে, কিয় পাহৰিলে প্ৰতিশ্ৰুতি! অসহায় নেকি অসমৰ ২ প্ৰভাৱশালী মন্ত্ৰী : নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰ, ৰাজনৈতিক দল তথা জাতীয় সংগঠনৰ মুখত শুনিবলৈ পোৱা অসম চুক্তিৰ ৬ নম্বৰ দফাৰ বিষয়টো পুনৰ প্ৰাসংগিক হৈছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ মুখত শুনিবলৈ পোৱা গৈছিল অসম চুক্তিৰ প্ৰসংগ। একেদৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়তো চৰকাৰী পক্ষই অসম চুক্তিৰ প্ৰসংগত মন্তব্য কৰিছিল। চুক্তি ৰূপায়ন কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। এইবাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ এই প্ৰসংগ হৈছে চৰ্চা।

    ইতিমধ্যে ৬ নম্বৰ দফা ৰূপায়ন কৰাৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদন অৱশ্যে এতিয়াও দিল্লী পোৱাগৈ নাই। কেন্দ্ৰৰ হাতত প্ৰতিবেদন দাখিল কৰিবলৈ গৈ সহাৰি লাভ নকৰি অসমৰ মুখ্যমন্ত্ৰীৰ হাততে কমিটীয়ে প্ৰতিবেদনখন দাখিল কৰিছিল। তাৰ পিছতে ৰূপায়ন কৰা হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও আজিলৈকে সেয়া হৈ উঠা নাই। উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদনত কিছু আইনী বাধাৰ কথা উল্লেখ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬ নম্বৰ দফা এতিয়া কাৰ্যকৰী কৰিব নোৱাৰিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

    মন্ত্ৰী শৰ্মাই এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, ”উচ্চস্তৰীয় কমিটীয়ে দিয়া কিছু পৰামৰ্শৰ দেশৰ আইনী ব্যৱস্থাত ”বাস্তৱ ভিত্তি” নাই। উদাহৰণস্বৰূপে তেওঁলোকে খিলঞ্জীয়া লোকৰ বাবে ১০০ শতাংশ সংৰক্ষণৰ কথা কৈছে। য’ত উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নীতি নিৰ্ধাৰণ কৰিছে যে, সংৰক্ষণ ৫০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব।”

    অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ প্ৰসংগত শেহতীয়াভাৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা এই প্ৰতিক্ৰিয়াত অসন্তুষ্টি ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। আছুৰ সভাপতি দীপাংক কুমাৰ নাথে বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত বিধি পঠালি দিবলৈকে তেখেতে এনে মন্তব্য কৰিছে বুলি অভিযোগ কৰে।

    ”অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত বিধি পঠালি দিবলৈ অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰিছে। অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ন নকৰি অসমৰ মুখ্যমন্ত্ৰীয়ে চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় দিছে। সদৌ অসম ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী অসম চুক্তিৰ দফাসমূহ আখৰে আখৰে ৰূপায়ন হ’ব লাগে।” দীপাংক কুমাৰ নাথে এনেদৰে কয়।

    আনহাতে কেন্দ্ৰই অসম চুক্তিৰ প্ৰতিবেদন গ্ৰহণ নকৰাৰ প্ৰসংগতো অসন্তুষ্টি ব্যক্ত কৰিছে দীপাংক কুমাৰ নাথে। তেখেতে কয়, ”অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ন কৰিবলৈ এখন ১৪ জনীয়া উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সম্পাদককে আদি কৰি সভাপতি-সম্পাদক এই সমিতিত সদস্য হিচাপে আছিল। সমিতিয়ে এখন প্ৰতিবেদন দাখিল কৰিছিল। চৰকাৰে প্ৰতিবেদন গ্ৰহণ নকৰাত মুখ্যমন্ত্ৰীৰ হাততে অৰ্পন কৰিছিলো।”

    ইয়াৰ লগতে এক্টিয়াৰৰ বাহিৰলৈ গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা বুলিও অভিযোগ কৰে আছুৰ সভাপতিগৰাকীয়ে। দীপাংক কুমাৰ নাথে কয়, ”এক্টিয়াৰৰ বাহিৰলৈ গৈ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে কালি অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ওপৰত বিতৰ্কিত মন্তব্য কৰা পৰিলক্ষিত হ’ল। প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ দিনাই আমি এটা কথা কৈছিলো, যে এই প্ৰতিবেদনখন কাৰ্যকৰী কৰিবলৈ যাওঁতে কিছু আইনী সংশোধনী আছে।”

    আইনী সংশোধনীৰ কথা উল্লেখ কৰি তেখেতে লগতে কয়, ”সেই কথাবোৰ প্ৰতিবেদনখনত স্পষ্টকৈ উল্লেখ কৰা আছে। তাৰ পিছত বিতৰ্কৰ সূচনা কৰিবলৈ গৈ এগৰাকী মন্ত্ৰীয়ে যি মন্তব্য কৰিলে সেয়া গৰিহণাৰ যোগ্য কাম। অসমীয়া জাতিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কোনো কাৰণত ক্ষমা নকৰে।”

    উল্লেখ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬ নম্বৰ দফাৰ প্ৰসংগত শেহতীয়াভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উচ্চস্তৰীয় কমিটীয়ে দিয়া পৰামৰ্শসমূহ আইনী বাস্তৱতাৰ পৰা দূৰৈত বুলি উল্লেখ কৰি অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিব পৰা নাযাব বুলি মন্তব্য কৰিছিল।

    উচ্চস্তৰীয় কমিটীয়ে অসম চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল ২০২০ চনৰ ফেব্ৰুৱাৰীত। এই দিশৰ পৰা প্ৰতিবেদন দাখিল কৰাৰ সময়ে এবছৰ অতিক্ৰম কৰিলে যদিও এতিয়াও কেন্দ্ৰৰ হাতত পৰাগৈ নাই সেই প্ৰতিবেদন।

    ইফালে এনেসময়তে পুনৰ চৰ্চালৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায় এবছৰ পূৰ্বে প্ৰকাশ কৰা এটা প্ৰতিক্ৰিয়া। কাষত ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেতিয়াৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক বহুৱাই প্ৰধানমন্ত্ৰীয়ে অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

    ”অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰাৰ চৰকাৰৰ প্ৰচেষ্টা চলিছে। মই অসমৰ জনতাক আশ্বস্ত কৰিছো, এই ক্ষেত্ৰত গঠন কৰা কমিটীৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে আৰু খৰতকীয়াকৈ কাম কৰিব। আমি কথা দি কথা পেলোৱা মানুহ নহয়। আমি দায়িত্ব লোৱা মানুহ। সেইবাবে অনেক সময় ধৰি অসমৰ এই কথা পৰি ৰৈছিল। তাকো আমি পুৰন কৰিম।” ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তিৰ স্বাক্ষৰ হোৱাৰ পিছতে কোকৰাঝাৰৰ খাৰগাঁও টেঙৰাপাৰাৰ এটা অনুষ্ঠানত ২০২০ চনৰ ৭ ফেব্ৰুৱাৰীত অংশ লৈ এনেদৰে প্ৰধানমন্ত্ৰীয়ে কৈছিল। এনে পৰিস্থিতিত এতিয়া চৰ্চা চলিছে, কথা দি কথা পাহৰিলে প্ৰধানমন্ত্ৰীয়ে। পৰৱৰ্তী সময়ত ৭ ফেব্ৰুৱাৰী, ২০২১-ত প্ৰধানমন্ত্ৰীগৰাকী পুনৰ অসমলৈ আহিল যদিও তেখেতৰ পৰা কোনো পদক্ষেপ এইক্ষেত্ৰত দেখিবলৈ পোৱা নগ’ল।

    আৰু পঢ়ক : আই পি এলৰ নিলাম-কোন খেলুৱৈ আছে শীৰ্ষত, ৰিয়ান পৰাগ কোন দললৈ?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং