
প্ৰধানমন্ত্ৰীৰ বায়ু সেনাক বিশেষ নিৰ্দেশনা- ইউক্ৰেইনক আৱদ্ধ লোকক অতি সোনকালে উদ্ধাৰ কৰা হওক
ৰাছিয়াৰ সেনাই ক্ৰমান্বয়ে ইউক্ৰেইনৰ ৰাজধানী কেইভ দখলৰ দিশে আগবাঢ়িছে। ইতিমধ্যে ৬০ শতাংশ ঠাই ৰাছিয়াই নিজৰ দখললৈ নিছে।
তাৰোপৰি আজি পুৱাই ইউক্ৰেইনৰ আন এখন চহৰ খাৰকিভ (Kharkiv) আৰু কেইভ (Kyiv)ৰ মাজত থকা অখট্যেৰ্কা (Okhtyrka) চহৰৰ এক সেনাৰ ছাউনীত আক্ৰমণ কৰে ৰাছিয়ান সৈনিকে।
যাৰ ফলত ৭০ৰো অধিক ইউক্ৰেইনৰ সেনা জোৱান নিহত হোৱা বুলি সন্দেহ কৰা হৈছে। তাৰোপৰি সকলোতকৈ গুৰুত্বপূৰ্ণ যে, বৰ্তমানে এক বিশাল ৰাছিয়ান সেনাৰ দল প্ৰেৰণ কৰিছে ৰাজধানী কেইভৰ দিশে।
প্ৰায় ৬৪ কিলোমিটাৰ (৪০ মাইল) দীঘল ৰাছিয়ান সেনাৰ দল আগবাঢ়ি আছে কেইভৰ দিশে। বৰ্তমানলৈ প্ৰেৰণ কৰা ৰাছিয়ান সেনাৰ দলৰ ভিতৰত এইটো দলেই সবাতোকৈ ডাঙৰ। ইয়াৰ পূৰ্বে সৰ্বাধিক ৩ মাইল দীঘল সেনাৰ দল প্ৰেৰণ কৰিছিল কেইভৰ দিশে।
যাৰ বাবে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিছে ভাৰতীয় সেনাকো। অপাৰেশ্যন গংগাৰ অধীনত ইউক্ৰেইনৰ বিবাদমান এলেকাৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰাত সহায়ৰ বাবে ভাৰতীয় বায়ু সেনাকো আহ্বান জনাইছে মোদীয়ে।
ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমান আজি অপাৰেশ্যন গংগাৰ অধীনত ইউক্ৰেইনলৈ বুলি উৰা মাৰিব। ভাৰতীয় সকল উভতি অহালৈ সকলো প্ৰক্ৰিয়ায়েই নিৰীক্ষণ কৰিব বায়ু সেনাই । ইয়াৰোপৰি ভাৰতৰ পৰা ইউক্ৰেইনলৈ নাগৰিক সকলৰ বাবে সামগ্ৰীও প্ৰেৰণ কৰিব।
ইতিমধ্যে বিমান যোগে বহু কেইগৰাকী ভাৰতীয় লোকক ইউক্ৰেইনৰ পৰা ভাৰতলৈ অনা হৈছে। অসমৰো কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আহি উপস্থিত হৈছে দেশৰ মাটিত।
আৰু পঢ়ক : ইউক্ৰেইন আক্ৰমণৰ ফল- ফুটবলৰ পথাৰত বয়কট ৰাছিয়া, ফুটবল বিশ্বকাপৰ পৰা বাহিৰ