26 C
Guwahati
Thursday, September 16, 2021
More

    ভাইৰেল হ’ল প্ৰধানমন্ত্ৰীৰ হোৱাটছ এপৰ মেছেজ য’ত আছে বহু গোপন‌ কথোপকথন…

    ভাইৰেল হৈছে প্ৰধানমন্ত্ৰীৰ হোৱাটচ এপৰ মেচেজ। অৱশ্যে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নহয়, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ হোৱাটছ এপৰ মেচেজ ভাইৰেল হৈছে।

    এয়া ভাইৰেল কৰিছে প্ৰাক্তন জ্যেষ্ঠ পৰামৰ্শদাতা ডোমেনিক কোমিংছে। এই মেচেজ সমূহত দেখা গৈছে যে প্ৰধানমন্ত্ৰী গৰাকীয়ে স্বাস্থ্য সচিব মেট হেনকাংকৰ বিষয়ে কথা পাতিছে।

    ডোমেনিকে এটা ব্লগৰ জৰিয়তে কয় যে স্বাস্থ্য সচিব মেট হৈংকাকে কৰ’ণা কালৰ অসফলতাক লৈ মিছা কৈছে। কোমিংছে যি হোৱাটছ এপৰ মেচেজ ভাইৰেল কৰিছে সেয়া বিগত বৰ্ষৰ ২৬ মাৰ্চৰ বুলি দাবী কৰিছে। এই মেচেজত‌ দেখা যায় যে প্ৰধানমন্ত্ৰী বৰিছে অত্যন্ত দুখ‌ প্ৰকাশ কৰি কয় স্বাস্থ্য সচিব মেটৰ পৰা একো আশা কৰিব নোৱাৰি।

    ইয়াৰ পিছত ২৭ এপ্ৰিলৰ মেছেজত হোৱা কথোপকথনো ভাইৰেল হয় য’ত স্বাস্থ্য ক্ষেত্ৰত মেটৰ অসফলতাৰ বিষয়ে কয়।

    ইয়াৰ পিছতে ডোমেনিকে প্ৰধানমন্ত্ৰী বৰিছক আক্ৰমণ কৰি কয় যে তেওঁ ইমানখিনি জনাৰ পিছতো মেটক পদবীৰ পৰা বহিষ্কাৰ কৰা নাছিল যাৰ বাবে কৰ’ণাৰ সময়ত বহুলোকে প্ৰাণ হেৰুৱাইছে।

    আৰু পঢ়ক : পৰীক্ষা অনুষ্ঠিত নহ’লে কি দৰে শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰিব? চৰকাৰক প্ৰশ্ন আছুৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং