
কংগোৰ গোমাত এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ২৬ গৰাকী লোকৰ মৃত্যু হয়। নিহত লোকেইগৰাকী ভিতৰত আছিল বিমানৰ যাত্ৰী, বিমানখনৰ ক্ৰু’ সদস্য আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত তলত উপস্থিত থকা লোক। কংগো চৰকাৰে দুৰ্ঘটনাটো নিশ্চিত কৰে। বিমানখন আৱাসিক অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাটোত বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰী নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। চৰকাৰে জনোৱা অনুসৰি ১৯টা ছীটৰ এয়াৰক্ৰাফ্ট মেপাণ্ড জিলাৰ সমীপত গোমাৰ বিমান বন্দৰৰ আৱাসীয় ঘৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়।

গোমা বিমানবন্দৰৰ এজন বিষয়াই জনোৱা অনুসৰি এই দুৰ্ঘটনাটোত কোনো লোক ৰক্ষা পৰাৰ সম্ভাৱনা ক্ষীণ। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল ১৭ গৰাকী যাত্ৰীসহ ২টা পাইলটৰ দলৰ সদস্য আছিল। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে বহুকেইটা ঘৰৰ ক্ষতিসাধন হয়।