ভয়ংকৰ বিমান দুৰ্ঘটনা! দুয়োগৰাকী পাইলটৰ মৃত্যু, এগৰাকী পাইলটৰ মৃতদেহ শিলৰ মাজত জ্বলন্ত অৱস্থাত উদ্ধাৰ…

0
1

পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ বিমান দুৰ্ঘটনা। থিতাতে নিহত হ’ল বিমানখনৰ এজন পাইলাট আৰু এজন প্ৰশিক্ষাৰ্থী। শনিবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা।

মধ্যপ্ৰদেশৰ বালাঘাটৰ পাহাৰৰ মাজত সংঘটিত হোৱা এই ঘটনাৰ পাছতে উদ্ধাৰকাৰী দল ৰাওনা হৈছিল যদিও উদ্ধাৰকাৰী গৈ পোৱা লৈকে দুয়োগৰাকী পাইলটৰ মৃত্যু হৈছিল।

এগৰাকী পাইলটৰ মৃতদেহ শিলৰ মাজত জ্বলন্ত অৱস্থাত প্ৰত্যক্ষ কৰিছিল উদ্ধাৰকাৰী দলে।ৰাজ্যখনৰ বালাঘাট জিলাৰ লাঞ্জি আৰু কিৰণপুৰৰ মাজৰ ভক্কুটোলা-কোচমাৰা পাহাৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনা সংঘটিত হোৱা চাৰ্টাড বিমানখনৰ পাইলটৰ আসনত আছিল প্ৰশিক্ষক মোহিত আৰু প্ৰশিক্ষাৰ্থী হিচাপে আছিল ৰুক্ষংকা ভাৰচুকা ।

ঘটনা সন্দৰ্ভত বালাঘাটৰ এছ পি সমীৰ সৌৰভে সাংবাদিকৰ আগত কয় যে, এই বিমানখন এখন প্ৰশিক্ষাৰ্থী বিমান আছিল, যিখন মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ বিৰচি এয়াৰষ্ট্ৰিপৰ পৰা উৰা মাৰিছিল।