নিৰ্মাণ হ’ব PK ৰ দ্বিতীয়টো ভাগ, অভিনয় কৰিব ৰণবীৰ কাপুৰে…
আমিৰ খানৰ অভিনীত ছবি পিকে ২০১৪ চনত মুক্তি লাভ কৰিছিল। এই ছবিখনে যথেষ্ঠ জনপ্ৰিয়তা লাভ কৰা দেখা যায়।এই ধবি খনত ৰণবীৰ কাপুৰ, সুশান্ত সিং ৰাজপুত , অনুষ্কা শৰ্মাইও অভিনয় প্ৰদৰ্শন কৰিছিল।
ইয়াৰ মাজতে খবৰ আহিছে যে, পিকেৰ দ্বিতীয়টো খণ্ড আহিব। পিকেত শেষৰ দৃশ্যাংশত দেখুওৱা হৈছিল যে ৰণবীৰ কাপুৰ পৃথিৱীলৈ আহে। ইয়াৰ আঁতধৰিয়েই ছবিখনৰ দ্বিতীয়খণ্ড মুক্তি লাভ কৰিব। নিৰ্দেশক বিন্দু ছোপ্ৰাই এই সম্পৰ্কে জনাই।
উল্লেখ্য যে, কেতিয়ালৈ এই ছবি নিৰ্মান হ’ব সেই সম্পৰ্কে ছবিৰ নিৰ্দেশকে জনোৱা নাই ।উল্লেখ্য যে, এই ছবিত ৰণবীৰ কাপুৰে অভিনয় কৰিব।
আৰু পঢ়ক : মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতাঃ ৫ দিনৰ মূৰত হাতে-লোটে আটক কৰিলে ৫ ডকাইত