28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মথাউৰি পৰিদৰ্শন কৰি ঠিকাদাৰক মন্ত্ৰী পীযুষ হাজৰিকাৰ ধমক- ‘সময়মতে কাম কৰক অন্যথা অনুজ্ঞাপত্ৰ বাতিল হ’ব’

    মথাউৰি পৰিদৰ্শন কৰি ঠিকাদাৰক মন্ত্ৰী পীযুষ হাজৰিকাৰ ধমক- ‘সময়মতে কাম কৰক অন্যথা অনুজ্ঞাপত্ৰ বাতিল হ’ব’। আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই পুঠিমাৰীৰ নদীৰ নৱ নিৰ্মিত মথাউৰি পৰিদৰ্শন কৰে।

    যোৱা ২০১৯ – ২০ চনত পুঠিমাৰী নদীৰ মথাউৰিছয় ঠাইত চিঙাৰ ফলত অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল। সেয়েহে বাৰিষাৰ পূৰ্বে মন্ত্ৰীৰ দায়িত্ব লৈয়ে প্ৰথমটো ক্ষেত্ৰ পৰিদৰ্শন কৰে।

    মথাউৰিৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও কিছু কাম এতিয়াও বাকী আছে। আৰু যিহেতু বাৰিষা সমাগত সেয়েহে মাটি কটাত কিছু অসুবিধাৰ সৃষ্টি হৈছে।

    অহা বছৰৰ পৰা যিসকলে মথাউৰিৰ ঠিকা কৰিব তেওঁলোকে চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পন্ন কৰিব লাগিব বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰে।

    ‘ঠিকাদাৰ আমাৰ বন্ধুও নহয় শত্ৰুও নহয়, তেওঁলোকক সময় দিয়া হব। কিন্তু যিসকলে নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পন্ন কৰিব নোৱাৰিব সেইসকলক জলসম্পদ বিভাগৰ পৰা অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব’ বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

    মথাউৰি পৰিদৰ্শন কৰাৰ সময়ত মন্ত্ৰী গৰাকীক সংগ দিয়ে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে।

    Input – TRISHNA DAS

    আৰু পঢ়ক : বোকাখাতৰ বিভিন্ন খন চাহবাগিচাত কৰ’ণাৰ গণ সংক্ৰমণ! মন্ত্ৰী অতুল বৰাৰ পৰিদৰ্শন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published