18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    এতিয়া বনভোজৰ বতৰঃ ভৰযৌৱনা হৈছে অপৰূপ সৌন্দৰ্য্যৰে ভৰপূৰ কয়াকুজীয়া

    এতিয়া বনভোজৰ বতৰঃ ভৰযৌৱনা হৈছে অপৰূপ সৌন্দৰ্য্যৰে ভৰপূৰ কয়াকুজীয়া :-

    এতিয়া বনাভোজৰ বতৰ। নতুন বছৰত আদৰাৰ সময়খিনিত সকলোৱে নিজ পৰিয়ালৰ লগত অথবা বন্ধু-বান্ধৱীৰ লগত প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি এসাজ খাবলৈ নিশ্চয়কৈ বিচাৰে।

    ৰাজ্যৰ বিভিন্ন বনভোজস্থলীৰ লগতে অপৰূপ সৌন্দৰ্য্যৰে ভৰপূৰ অভয়াপুৰীৰ কয়াকুজীয়া। কয়াকুজীয়াৰ সৌন্দৰ্য্যৰ কথা আৰু তাৰ অতি মনোমুগ্ধকৰ পৰিৱেশৰ কথা সকলোৱে জ্ঞাত। কয়াকুজীয়াৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ সমাগম ঘটিছে অভয়াপুৰীৰ কয়াকুজীয়াত।

    ডিচেম্বৰ/জানুৱাৰী মাহত পৰ্যটকে বেচিকৈ ভিৰ কৰে কয়াকুজীয়াত। আনকি স্কুলীয়া ছাত্ৰ-ছাত্ৰীকো শিক্ষামূলক ভ্ৰমণৰ বাবে লৈ আহে কয়াকুজীয়ালৈ।

    এতিয়া বনভোজৰ বতৰঃ ভৰযৌৱনা হৈছে অপৰূপ সৌন্দৰ্য্যৰে

    বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই-চিৰিকতিৰে ভৰপূৰ এই বিশেষ ঠাইখন। কয়াকুজীয়াত সৰু বৰ কেবাটাও দ্বীপ আছে। এটা দ্বীপৰ পৰা আন এটা দ্বীপলৈ নৌকাৰে অহা যোৱাৰ ব্যৱস্থা কৰিছে কয়াকুজীয়া পৰিচালনা সমিতিয়ে।

    ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঠাইসমূহৰ দৰে কয়াকুজীয়াও আনন্দ বিনোদনৰ এক উত্তম ঠাই হিচাপে পৰিগনিত হৈ আহিছে।

    ইনপুট ক্ৰেডিটঃ ডালিম ৰায়

    আৰু পঢ়ক :  তীৰ্থ যাত্ৰীসকললৈ সুখবৰঃ দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল পুৰীৰ জগন্নাথ মন্দিৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং