কৰ’ণা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ গ্ৰাম্য জিলা প্ৰশাসনে বনভোজস্থলী সমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।
বনভোজস্থলীলৈ যোৱা লোকসকলে ক’ভিড প্ৰট’কল অনুসৰণ নকৰাৰ কথা উল্লেখ কৰি জিলা প্ৰশাসনে ১০ টা বনভোজস্থলী বন্ধ কৰি দিছে।
জিলা প্ৰশাসনে আজি জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰে যে উকিয়াম, কুলছি, চান্দডুবি, বাৰেগাঁও, ৰাণী খামাৰ, কপিলী, কেডাৰ, দীৰ্ঘেশ্বৰী, মদন কামদেৱ, মালাং শিলডুবী আৰু আন আন অঞ্চলৰ বনভোজস্থলী সমূহ তাৎক্ষণিক ভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
জিলা প্ৰশাসনৰ এই নিৰ্দেশনা উলংঘাকাৰীসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১৮৮ ৰ অধীনত আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ধাৰা ৫১ ৰ পৰা ৬০ ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।