26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সুখৰ হাঁহি…কেইবাদিনো ধৰি খাবলৈ নোপোৱাৰ অন্তত হাতত পোৱা টকা কেইটা লৈ স্বৰ্গীয় সুখ আইতাৰ, ছচিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল আইতাৰ হাঁহি

    সুখৰ হাঁহি…কেইবাদিনো ধৰি খাবলৈ নোপোৱাৰ অন্তত হাতত পোৱা টকা কেইটা লৈ স্বৰ্গীয় সুখ আইতাৰ, ছচিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল আইতাৰ হাঁহি

    সুখ যদি জুখিব পৰা গ’ল হেঁতেন, তেতিয়া হয়তো এখন বিশেষ ফটোত থকা এগৰাকী আইতাৰ হাঁহিৰ সুখ কিমান জুখিলে সেয়া চাগে পাৰ ভঙা সুখ দেখুৱালে হয়। কিয়নো ভোক কি আৰু সেই ভোকৰ অন্তত পোৱা সামান্য খাদ্যইয়ো কি ভুমিকা লয় সেয়া ভুক্তভোগীয়েহে বুজে।

    সকলোৱে কোৱাত কয়, মই তোমাৰ দুখ বা সুখ বুজি পাও, কিন্তু সেয়া যাৰ সৈতে হয় তাৰ বাহিৰে অন্য কোনেও উপলব্ধি কৰিব নোৱাৰে। ই শৰীৰৰ সমগ্ৰ সত্তাক আন্দোলিত কৰি হৃদয়ৰ গভীৰতাৰ পৰা অহা এক অনুভুতি।

    বৰ্তমানে ছচিয়েল মিডিয়াত ধুমুহাৰ গতিত ভাইৰেল হৈ আছে এখন বিশেষ ফটো। এগৰাকী খুজি মাগি খোৱা দাঁত বিহীন আইতাৰ মুখৰ পাৰ ভঙা এমোকোৰা হাঁহিয়ে ছচিয়েল মিডিয়াত লৈছে বিশেষ স্থান। ফটো দেখোতাৰো মুখলৈ হাঁহি আনিছে আইতাৰ সেই সুখৰ হাঁহিয়ে।

    ফটো ভাইৰেল হোৱা আইতাগৰাকী তামিলনাডুৰ। এগৰাকী ফটোগ্ৰাফাৰে পদপথৰ কাষত জাৱৰৰ দমৰ পৰা খাদ্য় বস্তু বিচাৰি থকা আইতাক দেখে। লকডাউনৰ বাবে খাদ্যৰ সংকটত পৰিছিল খুজি মাগি খোৱা আইতাই। যাৰ বাবে ফটোগ্ৰাফাৰ জনে আইতাৰ হাঁতত গুজি দিয়ে সামৰ্থ্য় অনুযায়ী ২০০০ টকা ।

    অতদিনে যৎসামান্য খাদ্যৰ বাবে ১ টকা ২ টকা বিচাৰি হাহাকাৰ কৰা কৰা আইতাই হাতত একেলগে ২০০০ টকা পাই যি সুখ পাই, সেয়া কেমেৰাত বন্দী কৰি ৰাখে ফটোগ্ৰাফাৰ জেকচন হাৰ্বীয়ে। জেকচন হাৰ্বীৰ সেই কাম আৰু এই ফটোখনত সকলোৱে শলাগ লৈছে ছচিয়েল মিডিয়াত। সকলোৱে কৈছে এনেদৰেই সলনি কৰিব পৰা যাব সমাজ।

    আৰু পঢ়ক : ২০২৩ ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং, মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে অন্তিম সময়সীমা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং