
পেট্র’লিয়াম মজদুৰ ইউনিয়নৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ! পৰিস্থিতি উন্নত নহ’লে যোগান নধৰে ইন্ধন
আজিও অসম-মেঘালয় সীমান্তত চেপা উত্তেজনা অব্যাহত আছে। চতুৰ্থ দিনাও মেঘালয়লৈ অসমৰ বাহন সমূহ চলাচল বন্ধ আছে। নিৰাপত্তাজনিত কাৰণত এই বাহন সমূহ চলাচলত আৰক্ষীয়ে বাধা আৰোপ কৰিছে।কিন্তু তাৰ মাজতে যিসমূহ মালবাহী ট্ৰাক আছে সেই ট্ৰাক সমূহক যাবলৈ দিছে।
ইতিমধ্যে মেঘালয়ত ইন্ধনৰ নাটনি হৈছে। সেয়েহে পে’ট্ৰল ডিজেলৰ বাহন সমূহ নিৰাপত্তাৰ মাজেৰে মেঘালয়লৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু তাৰ পিছতে আজি পেট্র’লিয়াম মজদুৰ ইউনিয়নে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।

মেঘালয়ৰ পৰিস্থিতি উন্নত নহ’লে ইন্ধন যোগান নধৰাৰ সিদ্ধান্ত লৈছে পেট্র’লিয়াম মজদুৰ ইউনিয়নে । দৰাচলতে যিসমূহ চালকে এই মালবাহী ট্ৰাক সমূহ লৈ মেঘালয়লৈ গৈছে সেই সকলে কৈছে যে যি নিৰাপত্তা ব্যৱস্থা তেওঁলোকক দিব লাগিছিল সেই নিৰাপত্তা তেওঁলোকক দিয়া হোৱা নাই।
সেয়েহে তেওঁলোকে এই সিদ্ধান্ত লৈছে। অৱশ্যে বৃহস্পতিবাৰেও মেঘালয়লৈ পেট্র’ল, ডিজেলৰ যোগান বন্ধ আছিলে।নিৰাপত্তাহীনতাত ভোগা এই কৰ্মী সকলে মেঘালয় চৰকাৰক এখন পত্ৰ দিছিলে।
মেঘালয় চৰকাৰে নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰাৰ পিছত হে তেওঁলোকে যোগান আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। চাৰিটা দিনে দুয়োখন ৰাজ্যৰ শ শ জনতা পণবন্দী হৈ ৰৈছে।