
বাহন চলোৱা লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ২৫ নৱেম্বৰ অৰ্থাৎ কাইলৈ খোলা নাথাকিব মহানগৰীৰ তেলডিপোসমূহ। ২৪ ঘণ্টা ধৰি বন্ধ হৈ থাকিব গুৱাহাটীৰ প্ৰতিটো তেলডিপো। ২৫ নৱেম্বৰ(সোমবাৰ) পুৱা ৫ বজাৰ পৰা ২৬ নৱেম্বৰ(মঙলবাৰ)ৰ পুৱা ৫বজালৈ বন্ধ থাকিব তেলডিপোসমূহ।
২৬ নৱেম্বৰ(মঙলবাৰ)ৰ পুৱা ৫ বজাৰ পৰাহে গুৱাহাটীত উপলব্ধ হ’ব পেট্ৰ’ল আৰু ডিজেল। নৰ্থইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েচনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। বিভিন্ন সময়ত অইল মাৰ্কেটিং কোম্পানীয়ে তেওঁলোকৰ দাবীসমূহৰ ওপৰত গুৰুত্ব আৰোপ নকৰাৰ বাবে এই সিদ্ধান্ত লৈছে এছ’চিয়েচনে।