
এফালে ৯০ৰ ওপৰ তেলৰ লিটাৰ, আনফালে পেট্ৰ’ল পাম্পৰ ভয়ংকৰ কাণ্ড…মাজবাটতে বিকল হ’ল বহু গাড়ী
এফালে ৯০ৰ ওপৰ তেলৰ লিটাৰ, আনফালে পেট্ৰ’ল পাম্পৰ ভয়ংকৰ কাণ্ড…মাজবাটতে বিকল হ’ল বহু গাড়ী। কিয়নো তেলৰ সলনি বাহনত ভৰাই দিলে ঘোলা পানী।
পেট্ৰ’ল বুলি তেল ডিপোৱে ভৰাই দিয়ে পানী, গুৱাহাটীৰ সমীপৰ এটা পেট্ৰ’ল পাম্পৰ এই ভয়ংকৰ কাণ্ড। যাৰ বাবে আদবাটতে বিকল হৈ পৰিল বহু কেইখন বাহন।
আজ্ঞাথুৰী গণেশ মন্দিৰৰ সমীপৰ আমিনগাঁও লাচিতপুৰৰ HP “মেছাৰ্চ ব্ৰহ্মপুত্ৰ ফিউলিং চেন্টাৰ” নামৰ পেট্ৰল পাম্পৰ ভয়ংকৰ কাণ্ড। পেট্ৰলৰ নামত গ্ৰহকক দিলে পানী।
এই পেট্ৰল পাম্পত তেল ভৰাই বিকল বহু গাড়ী। আনকি হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ যোৱা ৰোগীৰ বাহনো সেই তেল ডুপোত তেল ভৰাই মাজ বাটতে বিকল হৈ পৰে। গাড়ীৰ গেৰেজত শাৰী শাৰী গাড়ী।
আমিনগাঁও লাচিতপুৰ- আজ্ঞাথুৰী গণেশ মন্দিৰৰ সমীপত থকা “মেছাৰ্চ ব্ৰহ্মপুত্ৰ ফিউলিং চেন্টাৰ” নামৰ তেল দিপুত তেল ভৰোৱাৰ পাছত আধাবাটতে বিকল হৈ পৰিছে বহুবাহন। আচলতে পেট্ৰলৰ নামত এইটো পেট্ৰল ডিপোৱে গ্ৰহকক দিলে গেলা পানী।
এখন দুখন নহয় প্ৰায় ১০ খনৰ অধিক গাড়ী হৈ পৰিল বিকল। নিশা বহু গাড়ী আবদ্ধ ৰাজপথত। সান্ধ্য আইনৰ মাজতে জৰুৰীকালীন সেৱাত নিয়োজিত বহু লোকৰ হাহাকাৰ অৱস্থা। এনে পেট্ৰল পাম্পৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্ত ভুগি গ্ৰাহকৰ।
Input and Photo- Mridul Pritom Deka
আৰু পঢ়ক : সাধাৰণ মেকানিকৰ অসাধাৰণ কাৰ্য, ঘৰতে সাজি উলিয়ালে পাৱাৰ টিলাৰ সদৃশ এটা যন্ত্ৰ