29 C
Guwahati
Saturday, September 25, 2021
More

    অতিশীঘ্ৰেই আহিব পাৰে ভাল খবৰ! পেট্ৰ’লৰ মূল্য ৭৫ ডিজেলৰ ৬৮…

    অতিশীঘ্ৰেই আহিব পাৰে ভাল খবৰ! পেট্ৰ’লৰ মূল্য ৭৫ ডিজেলৰ ৬৮…

    সাধাৰণ লোকে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যকলৈ পাব পাৰে বিশেষ ৰেহাই।দৰাচলতে চৰকাৰে পেট্ৰ’ল আৰু ডিজেলক জি এছ টিত অন্তৰ্ভুক্ত কৰাৰ চিন্তা চৰ্চা কৰি আছে।

    যদি এনে হয় তেন্তে পেট্ৰ’লৰ দাম ৭৫ টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ মূল্য ৬৮ টকা প্ৰতি লিটাৰ হ’ব পাৰে। জি এছ টিৰ ওপৰত মন্ত্ৰী সকলৰ এটা গোটে ‘এক দেশ আৰু এক দৰ’ৰ অধীনত পেট্ৰলিয়াম উতপাদনৰ ওপৰত কৰ নিৰ্ধাৰণ কৰাৰ চিন্তা চৰ্চা কৰিব।

    কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত শুকুৰবাৰে লক্ষ্ণৌত ৪৫তম জি এছ টি পৰিষদৰ বৈঠকত প্ৰস্তাৱৰ ওপৰত বিচাৰ কৰা হ’ব।

    উল্লেখ্য যে, কেৰল উচ্চ ন্যায়ালয়ে পেট্ৰল আৰু ডিজেল জি এছ টিত অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশ দিয়াৰ পিছতেই জি এছ টি কাউঞ্চিলৰ আগত এই বিষয়টো ১৭ ছেপ্তেম্বৰত উত্থাপন কৰা হ’ব।

    অন্যহাতে একাংশ বিশেষজ্ঞৰ মতে পেট্ৰল আৰু ডিজেল জিএছটিৰ আওতালৈ অনাটোঅলপ কঠিন। একাংশৰ মতে জিএছটিত আহিলে ৰাজস্বৰ এক গুৰুত্বপূৰ্ণ অংশ ৰাজ্যৰ হাতৰ পৰা গুচি যাব।

    আৰু পঢ়ক : ৬ ভাৰতীয়ই পাকিস্তানত গৈ লৈছিল প্ৰশিক্ষণ, এম বি এৰ পৰা ফল বেপাৰীলৈ, ৰহস্য জানিলে আচৰিত হ’ব আপুনি…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং