25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অসমৰ এইখন চুবুৰীয়া ৰাজ্যত পাঁচ টকাৰো অধিক সস্তা হ’ল প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য

    দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকাৰ সময়তে এই ক্ষেত্ৰত মেঘালয় চৰকাৰে ৰাজ্যৰ জনসাধাৰণক দিছে কিছু সকাহ। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে কয় যে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্য প্ৰতি লিটাৰত ৫ টকাতকৈ অধিক হ্ৰাস পাব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি, ১৬ ফেব্ৰুৱাৰীৰ মাজনিশাৰ পৰা পেট্ৰ’ল প্ৰতি লিটাৰ ৮৫.৮৬ টকা আৰু ডিজেল প্ৰতি লিটাৰ ৭৯.১৩ টকাত উপলব্ধ হ’ব।

    উল্লেখ্য যে ইয়াৰ পূৰ্বে অসম চৰকাৰেও ৰাজ্যৰ সাধাৰণ লোকসকলক কিছু পৰিমানে সকাহ দিছিল।

    যোৱা ১২ ফেব্ৰুৱাৰীত, অসম চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপ কৰা অতিৰিক্ত উপ-কৰ প্ৰত্যাহাৰ কৰে, যাৰ ফলত প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেল ৫ টকা সস্তা হয়।

    মেঘালয়ৰ শ্বিলঙত আজিৰ দিনটোত পেট্ৰ’ল প্ৰতিলিটাৰ ৯১ টকা ২৬ পইচাত বিক্ৰী হৈ আছে।

    ইফালে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৯.২৯ টকা। যোৱা আঠ দিনত দিল্লীত পেট্ৰ’ল ২ টকা ৩৪ পইচা আৰু ডিজেলৰ মূল্য ২ টকা ৫৭ পইচা বৃদ্ধি কৰা হৈছে।

    আৰু পঢ়ক : বাৰে বাৰে গাখীৰ উতলাই খাই নেকি? তেন্তে সাৱধান হওক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং