ঘৰৰ পৰা অশুভ আত্মা আতৰাবলৈ বলি দিছিল কুকুৰাৰ ! পিছে প্ৰাণ ৰক্ষা কুকুৰাৰ, মৃত্যু হ’ল ব্যক্তিৰ

0
24411

ঘৰৰ পৰা অশুভ আত্মা আতৰাবলৈ বলি দিছিল কুকুৰাৰ ! পিছে প্ৰাণ ৰক্ষা কুকুৰাৰ, মৃত্যু হ’ল ব্যক্তিৰ

তামিলনাডুৰ ৰাজধানী চেন্নাইত এক আজৱ ঘটনা সংঘটিত হৈছে। চহৰখনত এজন মানুহে তেওঁৰ নতুন ঘৰৰ পৰা অশুভ আত্মাক আঁতৰাই ৰাখিব বিচাৰিছিল। ইয়াৰ বাবে,তেওঁক এজন পুৰোহিতে এটা কুকুৰা বলি দিবলৈ কৈছিলে।

কিন্তু কুকুৰা বলি দিবলৈ যোৱা ব্যক্তিজনৰ ভাগ্যত আন কিবা লিখা আছিল।দৰাচলতে পল্লৱৰামৰ পোজিচলুৰৰ ৪৮ বছৰীয়া টি লোকেশে তেওঁৰ নতুনকৈ নিৰ্মাণ কৰা ঘৰটোৰ বাবে পুজা কৰিব বিচাৰিছিল।

সেয়েহে শুকুৰবাৰে তেওঁৰ নতুন ঘৰটোত কুকুৰাটো বলি দিবৰ বাবে পুৱা প্ৰায় ৪ মান বজাত উপস্থিত হয়। লোকেশে ঘৰটোৰ তৃতীয় মহলালৈ গৈ প্ৰথমে ঘৰটো ভালকৈ নিৰিক্ষণ কৰে।

তাৰ পিছতে কুকুৰাটো বলি দিবৰ বাবে যাওঁতেই লিফ্টৰ বাবে খালি হৈ থকা ঠাইত তৃতীয় মহলাৰ পৰা তলত পৰে। ঘটনাটোৰ ফলত লোকেশৰ থিতাতে মৃত্যু হয়।

আৰু কুকুৰাটো অক্ষত অৱস্থাত পলায় যায। লগে লগে লোকেশক চিকিৎসালয়লৈ লৈ যোৱা হৈ যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।