28 C
Guwahati
Friday, September 17, 2021
More

    হিন্দু সম্প্ৰদায়ৰ লোক নথকা অঞ্চলত মুছলমান সম্প্ৰদায়ৰ লোকে পাতিলে শিৱৰাত্ৰী…

    হিন্দু সম্প্ৰদায়ৰ লোক নথকা অঞ্চলত মুছলমান সম্প্ৰদায়ৰ লোকে পাতিলে শিৱৰাত্ৰী…

    ব্ৰহ্মপুত্ৰৰ এটা চাপৰি তিনিটেকীয়া চাপৰি । ধিঙৰ পৰা প্ৰায় দহ কিলোমিটাৰ নিলগত থকা এই চাপৰিটোত বসবাস কৰে মুছলমান সম্প্রদায়ৰ লোকে ।

    চাপৰিটোত আছে এটা শিৱ মন্দিৰ । হিন্দু সম্প্রদায়ৰ লোক নথকা এই শিৱ মন্দিৰতো চোৱা চিতা কৰে মুছলমান সম্প্রদায়ৰ লোক সকলে । পবিত্র শিৱৰিত্রি দিনা এই লোক সকলে ডাঙি ধৰিলে সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন ।

    উভয় সম্প্রদায়ৰ লোকে একে লগে উদযাপন কৰিলে মহাশিৱৰাত্রি । অংশগ্ৰহণ কৰিলে ধৰ্মীয় কাম কাজতো । একে লগে গ্ৰহণ কৰিলে প্ৰসাদ । ১৯৬৯ চনত মুছলমান লোক সকলৰ সহযোগত স্থাপন কৰা হৈছিল এই শিৱ মন্দিৰতো ।

    কিন্তু বান,গৰাখহনীয়া আৰু অনান্য কাৰণত হিন্দু সম্প্রদায়ৰ লোক সকল সেই স্থান এৰি অন্য স্থানলৈ গুছি যায় । কিন্তু সেই সময়ৰ পৰাই এই মন্দিৰতো চোৱা চিতা কৰি আহিছিল মুছলমান সম্প্রদায়ৰ লোক সকলে ।

    বৰ্তমান মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক জনো এজন মুছলমান সম্প্রদায়ৰ লোক । এই সকল মুছলমান লোকৰ প্ৰচেষ্টাতেই এই শিৱ মন্দিৰতো পুনৰ প্ৰাণ পাই উঠিছে ।

    অসমৰ সাম্প্ৰদায়িক পৰিস্থিতিৰ সময়ত চৰাঞ্চলৰ বস বাস এই সকল লোকে ডাঙি ধৰা এই নিদৰ্শনে প্ৰতিজন লোকৰ বাবে কঢ়িয়াই আনিছে এক শুভবাৰ্তা । উল্লেখ্য যে তিনিটেকীয়া চাপৰিৰ চৌদিশে প্ৰায় দহ কিলোমিটাৰ এলেকাত নাই কোনো এজন হিন্দু সম্প্রদায়ৰ লোক ।

    আৰু পঢ়ক : কেৱল বিজেপিয়ে দিয়া সমষ্টিত সন্তুস্ত নহয় বাহিৰা দুখনতো প্ৰতিদ্বন্দিতা কৰিব প্ৰমোদ বড়োৰ UPPLয়ে!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং