৭১ বছৰৰ পিছত অহা সেই ৬.৪ ৰিখটাৰ স্কেলৰ বৰভূঁইকঁপৰ এটা বছৰ, আজিও সজীৱ হৈ আছে সেই স্মৃতি

0
5489
৭১ বছৰৰ পিছত অহা সেই ৬.৪ ৰিখটাৰ স্কেলৰ বৰভূঁইকঁপৰ এটা বছৰ, আজিও সজীৱ হৈ আছে সেই স্মৃতি

৭১ বছৰৰ পিছত অহা সেই ৬.৪ ৰিখটাৰ স্কেলৰ বৰভূঁইকঁপৰ এটা বছৰ, আজিও সজীৱ হৈ আছে সেই স্মৃতি

আজিৰ দিনটোতে এবছৰ পূৰ্বে অসম কঁপাই গৈছিল এক বৰভূঁইকঁপে। যি বৰভূঁইকঁপ আহিছিল ৭১ বছৰৰ বৰভূঁইকঁৰ পাছত। ২০২১ৰ ২৮ এপ্ৰিল তাৰিখে পুৱা ৭ বাজি ৫১ মিনিটত ৰাজ্যৰ লগতে উত্তৰ পূৱৰ ৰাজ্যও জোকাৰি গৈছিল সেই ভুমিকম্পই।

এবছৰ পূৰ্বৰ সেই ভুমিকম্পৰ স্মৃতি আজিও সজীৱ হৈ আছে বহু লোকৰ। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আছিল সেই ভুমিকম্পৰ অভিকেন্দ্ৰ। যি ভুমিকম্পৰ ফলত কামৰূপ মহানগৰৰ চন্দ্ৰপুৰ আৰু নগাঁও জিলাৰ দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছিল।

তাৰোপৰি ১২ গৰাকী লোক আহত গৈছিল। বহু ঠাইত মাটি ফাঁট মেলি পানী ওলাইছিল। কৰবাত কুৱাৰ পানী নোহোৱা হৈ পৰিছিল। পাহাৰৰ বহু মাটি খহি পৰিছিল।

নগাঁও চহৰৰ কাঠমিল চাৰিআলিত থকা দুটাকৈ অট্টালিকাত সৃষ্টি হৈছিল বৃহৎ ফাঁট। যাৰ ফলত অট্টালিকা দুটা বেঁকা হৈ দুয়োটাৰে ওপৰৰ অংশ লগ লাগি গৈছিল।

ওদালগুৰিৰ ভৈৰৱকুণ্ড পাহাৰৰ এক বৃহৎ অংশ সেই বৰভূঁইকঁপৰ ফলত খহি পৰিছিল। তেজপুৰ, ওদালগুৰি, দৰং, ওৰাং আদিত মাটি ফাঁটি পানী ওলোৱাৰ লগতে কোনো কোনো ঠাইৰ শুকান পথাৰত উদগিৰণ হোৱাৰ দৰে বোকা-পানী বাহিৰ হৈছিল।

২৮ এপ্ৰিল ২০২১ৰ সেই দিনটোৰ পৰা ১০ মে’ ২০২১ৰ দিনালৈ ৰাজ্য কপাই গৈছিল সৰু বৰ সৰ্বমুঠ ৪৫ টা ভুমিকম্পই। ২৮ এপ্ৰিলৰ সেই ৬.৪ ৰিখটাৰ স্কেলৰ ভুমিকম্পৰ আৰম্ভণিৰ পাছতে একেটা দিনতে আহিছিল ৪.৭ আৰু ৪.৬ ৰিখটাৰ স্কেলৰ আন দুটা ভুমিকম্প।

মুঠ ৪৫ টাৰ ভিতৰত ৩৫ টা ভুমিকম্প কেৱল শোণিতপুৰতেই আহিছিল। ইয়াৰ বাহিৰে মৰিগাঁও জিলাত ৩ টা, নগাঁও আৰু কাৰ্বি আংলঙত ২ টা কৈ, লগতে ওদালগুৰি, নলবাৰী আৰু গোৱালপাৰাত ১ টা কৈ ভুমিকম্পই কপাই গৈছিল ৰাজ্য।

ইয়াত ক্লিক কৰি চাওত সেই দিনটোৰ কেইটামান বিশেষ ভিডিঅ’৭১ বছৰৰ পিছত বৰভূঁইকঁপে জোকাৰি গ’ল অসম, বিভিন্ন ঠাইত মাটি ফাট মেলি পানী ওলোৱাৰ লগতে খহিছে পাহাৰ

আৰু পঢ়ক- জানেনে! ২৮ এপ্ৰিলৰ বৰভূঁইকঁপৰ পিছত ৪৫ টা ভুমিকম্পই জোকাৰি গ’ল অসম…