27 C
Guwahati
Friday, October 15, 2021
More

    ভাল পথৰ বাবে টোল কৰ পৰিশোধ কৰাটো প্ৰয়োজনীয় : কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

    ভাল পথৰ বাবে টোল কৰ পৰিশোধ কৰাটো প্ৰয়োজনীয় : কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

    মানুহে দেশৰ ভাল পথ-ৰাস্তা আৰু অন্যান্য উন্নত আন্তঃগাঁথনি সুবিধা লাভৰ বাবে টকা পৰিশোধ কৰাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।

    টোল কৰৰ ফলত ভ্ৰমণ ব্যয় বৃদ্ধি সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে যদি আপুনি শীত-তাপ নিয়ন্ত্ৰিত হল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি টকা খৰচ কৰিব লাগিব। অন্যথা, আপুনি মুকলিকৈ বিবাহৰ আয়োজন কৰিব লাগিব।

    গাডকাৰীয়ে লগতে কয় যে এক্সপ্ৰেছৱেই ভ্ৰমণৰ সময় যথেষ্ট হ্ৰাস কৰিব। ই ইন্ধনৰ ব্যয়ও হ্ৰাস কৰিব।

    দিল্লী-মুম্বাই এক্সপ্ৰেছৱেই ভ্ৰমণৰ সময় ১২ ঘণ্টা হ্ৰাস কৰিব। এখন ট্ৰাকে দিল্লীৰ পৰা মুম্বাইলৈ যাত্ৰা কৰিবলৈ ৪৮ ঘণ্টা সময় লয়। কিন্তু এই এক্সপ্ৰেছৱেটোৱেৰে ১৮ ঘণ্টাতে আহি পাব।

    সময় হ্ৰাসৰ ফলত অধিক ব্যৱসায় কৰিব পাৰিব বুলি উল্লেখ কৰি টোল কৰৰ সমৰ্থনত যুক্তি দাঙি ধৰে গাডকাৰীয়ে।

    আৰু পঢ়ক : পত্নীয়ে নাজানে স্বামীয়ে কি কৰে, শিল্পাই নিজ মুখেই ক’লে -কাম সন্দৰ্ভত কোনো কথা নহয় দুয়ো স্বামী-স্ত্ৰীৰ মাজত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং