
বাল্যবিবাহক লৈ জিলাই জিলাই আৰক্ষীৰ অভিযান ! আটক ইজনৰ পাছত সিজন
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বাল্যবিবাহক লৈ ৰাজ্যৰ জিলাই জিলাই অসম আৰক্ষীয়ে অভিযান চলাইছে |
লাহৰীঘাটৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো
আৰক্ষীয়ে অভিযান চলাইছে |
অভিযানত লাহৰীঘাটৰ পৰা ২ জন আৰু জামুগুৰিহাটত তিনিজনকৈ বাল্য বিবাহৰ লগত জড়িত যুৱকক আৰক্ষীয়ে আটক কৰে।
আটক কৰা কেইজন ৰাব্বুল হুছেইন, মোজাফৰ আলী , লালেটাপুৰ হাবিজুল ইছলাম,বৈতামাৰী ভৈৰবীৰ আজমত আলী আৰু মাজগাঁৱৰ ৰক্তিম দাস।