26 C
Guwahati
Thursday, September 16, 2021
More

    নলবাৰীত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত বন্দী চোৰ, বান্ধি থলে বিদ্যুতৰ খুটাত

    নলবাৰীত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত বন্দী চোৰ, বান্ধি থলে বিদ্যুতৰ খুটাত

    নলবাৰীত চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত বন্দী হ’ল এজন চোৰ।

    নলবাৰীৰ দৌল গোবিন্দপুৰত সংঘটিত হৈছে উক্ত ঘটনাৰ।

    ৰাইজে আটক কৰা চোৰজনৰ নাম ৰুহুল আলী বুলি জানিব পৰা গৈছে।

    ৰে’লৱে দলঙৰ নিৰ্মাণৰ সামগ্ৰী চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত আটক হয় ৰুহুল আলী নামৰ চোৰজন।

    ৰাইজে ৰুহুল আলীক আটক কৰি বিদ্যুতৰ খুটাত বান্ধি উত্তম-মধ্যম সোধাই পৰৱৰ্তী সময়ত আৰক্ষীৰ খবৰ দিয়ে।

    আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাছতে আৰক্ষীৰ এটা দল ঘটনা স্থলীত উপস্থিত হয় আৰু ৰুহুল আলীক ৰাইজৰ নিজৰ জিম্মাত লয়।

    আনহাতে, ৰুহুল আলীৰ সৈতে আন দুজন চোৰো ৰে’লৱে দলঙৰ নিৰ্মাণৰ সামগ্ৰী চুৰি কৰিবলৈ আহিছিল যদিও উক্ত চোৰ দুজনে পলায় সাৰিবলৈ সক্ষম হয়।

    স্থানীয় ৰাইজে অঞ্চলটোত চুৰিৰ ঘটনা বৃদ্ধি পোৱা বুলি মন্তব্য কৰে।

    ফটো আৰু ইনপুট-হীৰক ডেকা

    আৰু পঢ়ক : দ্ৰোণৰ জৰিয়তে ভেকচিনৰ যোগান, বিভাগীয় অনুমতি লাভ আই চি এম আৰৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং