এম্বুলেঞ্চৰ তেল শেষ হোৱাত আধা ৰাস্তাতে মৃত্যুক সাৱটিলে ৰোগীয়ে, ঘটনাক লৈ চাঞ্চল্য

0
267

ৰাজস্থানৰ বনস্বৰা জিলাৰ দানাপুৰ অঞ্চলত সংঘটিত হৈছে অবাঞ্চিত ঘটনা। আধা ৰাস্তাত এম্বুলেন্সৰ তেল শেষ হোৱাত এজন ৰোগীৰ মৃত্যু হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

তেল হোৱাৰ পিছত ৰোগীজনৰ কন্যা-জোঁৱায়েকে এম্বুলেন্সখন এক কিলোমিটাৰ পৰ্যন্ত ঠেলিছিল যদিও ৰোগীজনৰ জীৱন ৰক্ষা কৰিব নোৱাৰিলে।

এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে স্বাস্থ্য বিভাগে সমগ্ৰ বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে।

তথ্য অনুসৰি, দানাপুৰৰ বাসিন্দা ৪০ বছৰীয়া এজন লোক হঠাতে অসুস্থ হৈ পৰিছিল। আত্মীয়ই ৰাজস্থান চৰকাৰৰ ১০৮খন এম্বুলেন্সলৈ ফোন কৰি লোকজনক চিকিৎসালয়লৈ লৈ যায়।

কিন্তু কিছু দূৰ যোৱাৰ পিছতে এম্বুলেন্সখনৰ তেল শেষ হোৱাত ৰৈ যায়। লগে লগে ৰোগীৰ আত্মীয় আৰু আন একাংশই প্ৰায় এখ কিলোমিটাৰলৈ ঠেলি নিয়ে যদিও আধাতে ৰোগীগৰাকীৰ মৃত্যু হয়।

এই অবাঞ্চিত ঘটনাটোৰ বিষয়ে জানিব পৰাত স্থানীয় প্ৰশাসনে ভুক্তভোগী পৰিয়ালটোক সাক্ষাত কৰি ঘটনাৰ বুজ ল’ব বুলি জানিব দিয়ে। ইফালে ৰাজস্থান চৰকাৰৰ মন্ত্ৰী প্ৰতাপ সিং খচৰিয়াৱাছে এই ঘটনাৰ দোষীক উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি জানিব দিয়ে।