28 C
Guwahati
Thursday, September 16, 2021
More

    মৃত ব্যক্তিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণক কেন্দ্ৰ কৰি দক্ষিণ কামৰূপত উত্তেজনা

    এগৰাকী মৃত ব্যক্তিক উন্নতমানৰ চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰাক লৈ দক্ষিণ কামৰূপৰ সোণতলীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

    সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই ঘটনা সংঘটিত হয়।

    উত্থাপিত অভিযোগ অনুসৰি, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা সোণতলী সত্ৰ গাঁৱৰ শিৰাজুল হক নামৰ ব্যক্তিজনে নিজে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে উপস্থিত হয়।

    স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত চিকিৎসক ছামচুল আলমৰ তত্ত্বাৱধানত চিকিৎসাৰত অৱস্থাতে শিৰাজুল হক নামৰ ব্যক্তিজনৰ মৃত্যু হয় যদিও চিকিৎসক গৰাকীয়ে নিজৰ দায় সৰাৰ বাবে মৃত ব্যক্তিজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

    পৰিয়ালৰ লোকে চিকিৎসক গৰাকীৰ চতুৰ স্বভাৱৰ বিষয়ে জানিব পাৰি বহু সময় পূৰ্বেই মৃত্যু হোৱা শিৰাজুল হকৰ মৃতদেহটো ঘৰলৈ ওভটাই আনে।

    শিৰাজুল হকৰ মৃতদেহ ঘৰ পোৱাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

    চিকিৎসক ছামচুল আলমৰ এনে নিকৃষ্ট কাণ্ডক স্থানীয় লোকৰ লগতে পৰিয়ালৰ লোকে ধিক্কাৰ দিয়ে।

    ইনপুট- ৰেজাউল কবীৰ

    আৰু পঢ়ক : ৰূপহীহাটত গুলীচালনাৰ ঘটনা, ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতিতেই আহত কেইবাজনো

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং